আপুনি দৈনিক ফল খায় ? কিন্তু এই কেইবিধ ফল কেতিয়াও একেলগে নাখাব !

1 min read

শৰীৰ সুস্থ ৰাখিবলৈ দৈনিক ফল-মূল খোৱাটো অত্যন্ত জৰুৰী । শৰীৰৰ যত্নৰ বাবে ফলৰ ভূমিকা অপৰিহাৰ্য । ফলত থকা বিভিন্ন প্ৰয়োজনীয় উপাদানে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে ।

ভিটামিন , মিনাৰেল, কাৰ্বহাইড্ৰেট সমৃদ্ধ ফলে মানুহৰ ওজন হ্ৰাস কৰাটো সহায় কৰে । কিন্তু এটা কথা হয়তো আমি নাজানো যে , সকলো ফল একেলগে খোৱা উচিত নহয় । কিছুমান ফল একেলগে খালে শৰীৰৰ উপকাৰ হোৱাতকৈ অপকাৰহে হ’ব পাৰে ।

১/ আঙুৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী যদিও আঙুৰৰ লগত খেজুৰ খোৱা উচিত নহয় । এই দুবিধ ফল একেলগে খালে পেটত বদহজমৰ সৃষ্টি কৰি অজীৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।

২/ তৰমুজত প্ৰচুৰ পৰিমাণৰ পানী থাকে । হজমী শক্তি বৃদ্ধি কৰাত সহায় কৰে তৰমুজে । কিন্তু তৰমুজৰ লগত কেতিয়াও অন্য ফল খোৱা উচিত নহয় । অৰ্থাৎ তৰমুজৰ লগত অন্য ফল খালে হজমত ব্যাঘাত হয় ।

৩/ বহুতেই আক’ অমিতাৰ ওপৰত নেমুৰ ৰস চেপি খোৱা দেখা যায় । এনেকৈ খালে অমিতাৰ স্বাদ বাঢ়ে যদিও এই দুই ফল একেলগে খোৱা একেবাৰে উচিত নহয় । এই দুটা ফল একেলগে খালে হিম’গ্লবিনৰ ভাৰসাম্যহীনতা হ’ব পাৰে

You May Also Like

More From Author