Advertisement

আপোনাৰ ছালখন কিদৰে পৰিস্কাৰ কৰিব?

আপোনাৰ ছালখন কিদৰে পৰিস্কাৰ কৰিব?

আমাৰ ছালৰ যত্ন লোৱাটো নিতান্তই প্ৰয়োজনীয়। আমি সকলোৱে নিজৰ ছালখন সুন্দৰ হৈ থকাটো বিছাৰে। বাহিৰৰ পৰা অহা পাছত ছালখন একেবাৰে লেতেৰা হৈ মলি জমা হৈ থকা দেখা যায়। এই ছালখন কিদৰে ঘৰুৱা উপায়েৰে ছাফা কৰিব পাৰি জানো আহক-

১/ নেমু আৰু চেনিৰ স্ক্রাব-

দুচামুচ চেনি, দুচামুচ নেমুৰ ৰস আৰু অলপমান অলিভ অইল মিহলাব। গোটেইখিনি একেলগে মিহলাই লৈ মুখমণ্ডলত স্ক্ৰাব কৰিব। ৰ’দে পোৰা ছাল বা অন্যান্য দাগ থকা ছালত এই মিশ্রণে নাইকীয়া কৰে।

২/ দৈ আৰু চেনিৰ স্ক্ৰাব-

দুচামুচ চেনিৰ সৈতে আধা কাপ সতেজ দৈত মিহলাব। এই মিশ্রণ ১০ মিনিটৰ বাবে শৰীৰত লগাই থ’ব। ইয়াৰ ফলত নোমৰ গুৰিবোৰ পৰিষ্কাৰ হ’ব আৰু ই আমাৰ ছালত পৰা লেতেৰাবোৰ সহজে বাহিৰ কৰিব।

৩/ কল আৰু চেনিৰ স্ক্ৰাব-

কলত ছালৰ বাবে প্রয়োজনীয় ভিটামিন আৰু খনিজাত পদার্থ থাকে। প্ৰথমতে এটা পিটিকি লোৱা কলত দুচামুচ চেনি দিব। দুয়োটা ভালকৈ মিহলি কৰি ছালত ঘহিলে ভাল ফল পোৱা যায়। এই স্ক্রাবে ছালখন কোমল আৰু উজ্জ্বল কৰিব।

৪/ বীট আৰু চেনিৰ স্ক্রাব-

চেনি আৰু বীটৰ ৰস মিহলাই ওঁঠত লগাব লাগে। ২ মিনিট লাহে লাহে ওঁঠত এই মিশ্রণ ঘঁহি ঠাণ্ডা পানীৰে ধুই দিব। ইয়াৰ ফলত কোনো কাৰণত ওঁঠৰ ৰং যদি হেৰাইছিল। সেই ৰং পুনৰ আগৰ দৰে হৈ পৰিব।

Shahnawaz Hamza

Related