আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু

আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু

এইদৰে চাৰি মাহৰ ভিতৰত মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আঠটা চিতাৰ মৃত্যু হ’ল।
শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় চিতাটো। সুৰজ নামৰ এই চিতাটোৰ মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে।

ইয়াৰ পূৰ্বে মঙলবাৰে মৃত্যু হয় মতা চিতা তেজছৰ। দুটাৰ মাজত কাজিয়াৰ ফলত মৃত্যু হয় তেজছৰ। সেই কথা জানিব পৰা গৈছিল।

ইয়াৰ পূৰ্বে ২৫ মে’ত দুটা চিতা পোৱালিৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও ৯ মে’, ২৩ এপ্ৰিল আৰু ২৭ মাৰ্চত এটাকৈ চিতাৰ মৃত্যু হয়।

উল্লেখ্য যে যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত নামিবিয়াৰ পৰা অনা ৮টা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল। ইয়াৰ ভিতৰত আছিল ৫ টা মাইকী চিতা আৰু ৩ টা মতা চিতা। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ভাৰতৰ পৰা বিলুপ্ত চিতা ঘূৰাই অনাৰ এয়া প্ৰথম প্ৰচেষ্টা আছিল। আনহাতে,পুনৰ চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হয়। ইয়াৰ ভিতৰত আছিল ৭টা মতা আৰু ৫টা মাইকী চিতা।

Shahnawaz Hamza

Related