Advertisement

আমি কিয় দৈনিক দাইল খাব লাগে জানেনে? দাইল খোৱাৰ আছে বহু উপকাৰিতা…

আমি কিয় দৈনিক দাইল খাব লাগে জানেনে? দাইল খোৱাৰ আছে বহু উপকাৰিতা…

আমি বহু ধৰণে দাইল খাই ভাল পাওঁ, কিন্তু আপুনি জানেনে ইয়াৰ সেৱনৰ ফলত আমি কিয় ইমান সুফল পাওঁ। প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দৈনন্দিন খাদ্যত দালি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে, য’ত আৰ্হৰ, মচুৰ দাইল, বুট দাইল, মগু দাইল আৰু উৰাদ দাইল আদি অন্তৰ্ভুক্ত কৰা হয়। দৈনিক কিয় দাইল সেৱন কৰিব লাগে জানো আহক-

আইৰণ, জিংক, পটাছিয়াম আৰু ভিটামিন বি আদি অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ দাইলয়ে আমাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায় আৰু শৰীৰৰ বিভিন্ন কাৰ্য্যত সহায় কৰে।

দাইল হৈছে প্ৰটিনৰ এক উৎকৃষ্ট উৎস, যাৰ বাবে নিৰামিষভোজীসকলৰ বাবে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ই দাইল উপকাৰী ।

দাইলত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ দৰে সমস্যা ৰোধ হয়।

দাইলত ট্ৰেন্স ফেট আৰু কলেষ্টেৰল কম থাকে, যাৰ বাবে ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অনুকূল। দালই সেৱনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

দাইলত থকা পুষ্টিকৰ উপাদানে তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰাত সহায় কৰে, যাৰ বাবে বেছিভাগ খাদ্য বিশেষজ্ঞই ডায়েবেটিছ ৰোগীক দাইল খাবলৈ পৰামৰ্শ দিয়ে।

দাইলত প্ৰটিন আৰু আঁহৰ সংমিশ্ৰণ থাকে, যিয়ে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে দাই সেৱন কৰিলে কলন কেন্সাৰকে ধৰি কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

এনে ধৰণৰ বহু উপকাৰ পোৱা যায় দাইলৰ পৰা।

Shahnawaz Hamza