আহি আছে নতুন বন্দে ভাৰত ৰেল, ৬ ঘন্টাত অতিক্ৰম কৰিব ৭৫০ কিলমিটাৰ দূৰত্ব

আহি আছে নতুন বন্দে ভাৰত ৰেল, ৬ ঘন্টাত অতিক্ৰম কৰিব ৭৫০ কিলমিটাৰ দূৰত্ব

পশ্চিম বংগই অতি সোনকালে বন্দে ভাৰত এক্সপ্ৰেছৰ আন এটা নতুন পথ লাভ কৰিবলৈ ওলাইছে।  সূত্ৰ অনুসৰি নতুনকৈ আৰম্ভ হ’বলগীয়া বন্দে ভাৰত হাওৰাৰ পৰা বাৰাণসী পথত চলিব।  সূত্ৰৰ পৰা জানিব পৰা মতে, হাওৰাৰ পৰা বন্দে ভাৰত  একাধিক পথত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ৰে’ল কৰ্তৃপক্ষই। ইয়াৰে নতুন বন্দে ভাৰতৰ উন্মোচনৰ জৰিয়তে পৰ্যটক আৰু ব্যৱসায়ীসকল উপকৃত হ’বলৈ গৈ আছে।

মন কৰিবলগীয়া যে বিগত কেইবছৰমানৰ পৰা ৰে’ল কৰ্তৃপক্ষই হাওৰা-নতুন দিল্লী পথত প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ ৰে’লৰ গতি বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ কাম কৰি আহিছে।  এই কাম সমাপ্ত হ’লে বন্দে ভাৰত এক্সপ্ৰেছ বাৰাণসী আৰু হাওৰাৰ মাজত সৰ্বোচ্চ বেগত প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বা তাতকৈ অধিক গতিৰে চলাচল কৰিব পাৰিব বুলি ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰিছে।

বৰ্তমান পশ্চিম বংগত এখন বন্দে ভাৰত এক্সপ্ৰেছ চলি আছে।  সেই ৰেলখন হাওৰা আৰু নিউ জলপাইগুৰিৰ মাজত চলে।  সপ্তাহৰ ছয় দিন (বুধবাৰৰ বাহিৰে) পুৱা ৫:৫৫ বজাত হাওৰাৰ পৰা যাত্ৰা কৰে।  দুপৰীয়া ১:২৫ বজাত নিউ জলপাইগুৰি পায়।  উভতি অহাৰ পথত বন্দে ভাৰত এক্সপ্ৰেছ নিউ জলপাইগুৰিৰ পৰা ৩:০৫ বজাত ৰাওনা হয়।  যি হাওৰাত উপস্থিত হয় ৰাতি ১০:৩৫ বজাত।  সাত ঘণ্টা ৩০ মিনিট সময় লাগে।  অৱশ্যে হাওৰাৰ পৰা বাৰাণসীলৈ গন্তব্য স্থানলৈ যাবলৈ কম সময় লাগিব বুলি জনা গৈছে।
ইমানতে জানিব পৰা মতে হাওৰা আৰু বাৰাণসীৰ মাজৰ ৭৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ বন্দে ভাৰতক মাত্ৰ ৬ ঘণ্টাৰ প্ৰয়োজন হ’ব।  প্ৰসংগক্ৰমে আন্তঃগাঁথনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে বংগত হাওৰা-নিউ জলপাইগুৰি পথত বন্দে ভাৰত আৰম্ভ কৰা হয়।  অৱশ্যে হাওৰা-বাৰানসী পথত বন্দে ভাৰত আৰম্ভ হ’লে পৰ্যাপ্ত আন্তঃগাঁথনি থাকিব বুলি জনা গৈছে।  এই পথ বাৰাণসীৰ পৰা পন্ডিত দীনদয়াল উপাধ্যায় স্টেচন  (মোগলছৰাই), ধনবাদ হৈ বন্দে ভাৰত হাওৰালৈ চলিব।  ইফালে হাওৰা-নিউ জলপাইগুৰিৰ মাজৰ ৰে’লপথ সংস্কাৰ কৰাৰ পিছত আৰু কম সময়ৰ ভিতৰত যাব পাৰিব  বুলি ৰে’লৱেই আশা প্ৰকাশ কৰিছে।

GTM Desk

Related