ইউক্রেনৰ স’তে যুদ্ধবিৰতি কার্যকৰী নহ’লে হ’ব পাৰে অর্থনৈতিক অৱৰোধ, পুতিনকে সকীয়াই দিলে ট্রাম্পে !

ইউক্রেনৰ স’তে যুদ্ধবিৰতি কার্যকৰী নহ’লে হ’ব পাৰে অর্থনৈতিক অৱৰোধ, পুতিনকে সকীয়াই দিলে ট্রাম্পে !

ইউক্ৰেইনৰ স’তে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিলে ৰাছিয়াই অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে। বুধবাৰে এই সতৰ্কবাণী দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে লগতে জনাই যে তেওঁৰ বিশেষ দূত ষ্টিভ উইটকফে চলিত সপ্তাহৰ শেষৰ ফালে যুদ্ধবিৰতিৰ বিষয়ে আলোচনা কৰিবলৈ মস্কো ভ্ৰমণ কৰিব।


ৰাছিয়াৰ স’তে ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে ইউক্ৰেইন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে চৌদি আৰৱৰ জেদ্দাত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ স’তে সাক্ষাৎ কৰাৰ পাছতে এই কথা স্পষ্টভাৱে কয়।

এই পৰিস্থিতিত তিনি বছৰীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধত সাময়িকভাৱে বিৰতি হ’ব নে নহয় সেয়া নিৰ্ভৰ কৰে ক্ৰেমলিনৰ ওপৰত। বহুতে অনুমান কৰে যে ভ্লাদিমিৰ পুটিনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ ট্ৰাম্পে অভাল অফিচত আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাইকেল মাৰ্টিনৰ স’তে হোৱা বৈঠকৰ সময়ত ট্ৰাম্পে এই মন্তব্য কৰিছে ।

ৰাছিয়া চৰকাৰৰ এটা সূত্ৰৰ উদ্ধৃতি দি ৰয়টাৰ সংবাদ সংস্থাই বুধবাৰে কয় যে পুটিনে সম্ভৱতঃ যুদ্ধবিৰতিৰ বাবে সন্মত নহ’ব। ঘটনাক্ৰমে, তাৰ পাছতে ট্ৰাম্পে মস্কোলৈ এই সতৰ্কবাণী জাৰি কৰিছে । ট্ৰাম্পে জেদ্দাত ৰুবিঅ’ৰ  স’তে হোৱা বৈঠকত যুদ্ধবিৰতিৰ বাবে জেলেনস্কিৰ চুক্তিক আদৰণি জনাইছে ।

একে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে আশা ব্যক্ত কৰে যে মস্কোৱেও শীঘ্ৰেই ইতিবাচক সঁহাৰি দিব। ট্ৰাম্পে ৱাশ্বিংটনৰ পৰা সাংবাদিকৰ আগত কয়,”ইউক্ৰেইন অলপ আগতে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে। এইবাৰ ৰাছিয়াৰ পাল। মই আশা কৰোঁ পুটিন সন্মত হ’ব। দুয়োখন দেশতে বহুলোকৰ মৃত্যু হৈছে। আমি এই যুদ্ধৰ সমাপ্তি বিচাৰো। “ইয়াৰ পাছত তেওঁৰ মন্তব্য,”ৰাছিয়াই যদি ইউক্ৰেইনত সামৰিক আক্ৰমণ অব্যাহত ৰাখে, তেন্তে তেঁওলোকে গুৰুতৰ অৰ্থনৈতিক পৰিণতিৰ সন্মুখীন হ’ব পাৰে। ’’

GTM Desk

Related