ইন্দ্ৰাণী কাণ্ডৰ আন এজন অভিযুক্ত অভমন্যু ক’ত?

ইন্দ্ৰাণী কাণ্ডৰ আন এজন অভিযুক্ত অভমন্যু ক’ত?

ইন্দ্ৰাণী তহবিলদাৰৰ  ফটো ভাইৰেল কাণ্ডত নাম সাঙোৰ খোৱা আন এজন অভিযুক্ত অভিমন্যু দাস  ক’ত? ঘটনাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছে অভিমন্যু দাস। শুকুৰবাৰে ছচিয়েল মিডিয়াত অভিমন্যুৱে আপলোড কৰিছিল ফটো। অভিমন্যুৱে নেপালত আত্মগোপন কৰি থকাৰ সন্দেহ কৰি আজি অসম আৰক্ষীৰ এটা দল ৰাওনা হৈছে নেপাললৈ।

উল্লেখযোগ্য যে বহু নামেৰে পৰিচিত এইজন অভিমন্যু। ‘অভিমন্যু’ অৰ্থাৎ অভিমন্যু দাসৰ ঘৰত দিয়া নাম ৰূপ মাধুৰ্য দাস, কেতিয়াবা তেওঁ তুষাৰ দাস, কেতিয়াবা অভিক, কেতিয়াবা হয় অভিমন্যু। ভিন্ন নামেৰে ভিন্ন অৱতাৰ লোৱা অভিমন্যুৰ পত্নীয়ে পাণবজাৰ থানাত তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ তৰিছিল। বহুৰূপী অভিমন্যুৱে পত্নীৰ নামত লোণ লৈ প্ৰৱঞ্চনা কৰিছিল বুলি তুলিছিল অভিযোগ।

পত্নীয়ে দিয়া এজাহাৰত অৱতাৰী পুৰুষ অভিমন্যুৰ তিনিটা নাম উল্লেখ কৰা হৈছিল। উল্লেখ্য, অভিমন্যু দাস এতিয়াও পলাতক অৱস্থাত আছে। ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল অভিমন্যুৰ। শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, দ্বিবন ডেকাৰ বিৰুদ্ধেও কেতবোৰ অভিযোগ উত্থাপন কৰিছিল অভিমন্যুৱে। চাকৰিৰ নামত দ্বিবন ডেকাই বিভিন্নজনৰ পৰা ধন লোৱাৰ অভিযোগ অভিমন্যুৰ।

Shahnawaz Hamza

Related