উত্তৰ-পূৰ্বাঞ্চলত মুকলি হ’ল টাটা মটৰ্ছৰ আইকনিক ফ্লেগছিপ SUV Safari

উত্তৰ-পূৰ্বাঞ্চলত মুকলি হ’ল টাটা মটৰ্ছৰ আইকনিক ফ্লেগছিপ SUV Safari

ভাৰতৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটাই উত্তৰ পূব বাসীৰ বাবে মুকলি কৰে প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী । প্ৰাৰম্ভিক মূল্য হৈছে  ১৪.৬৯ লাখ টকা। টাটা মটৰ্ছৰ প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী মডেলটোৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত মহানগৰীৰ কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত। বাহনখনৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে। উদ্বোধনী অনুষ্ঠিত উপস্থিত থাকে টাটা মটৰ্ছৰ আঞ্চলিক প্ৰৱন্ধক সৌমেন পল, বিজনেছ আৰু ইনষ্টিটিউচনৰ চিনিয়ৰ মেনেজাৰ প্ৰখ্যাত বৰুৱা, টেৰিটৰিয়েল চেলছ মেনেজাৰ ঋত্বিক হেমকা আৰু কামাখ্যা মটৰছৰ স্বতাধিকাৰী মদন মালহোট্ৰা।

আকৰ্ষণীয় ডিজাইন,অতুলনীয় বহুমুখীতা,আৰামদায়ক ইন্টেৰিয়ৰ আৰু শক্তিশালী ক্ষমতাসম্পন্ন ইঞ্জিনেৰে গ্ৰাহকক এক আৰামী তথা আধুনিক অভিজ্ঞতাৰে  সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব নতুন গাড়ীখনে। আজিৰে পৰা  উত্তৰ-পূৰ্বাঞ্চলৰ আপোনাৰ নিকটৱৰ্তী টাটাৰ শ্ব’ৰুমত উপলব্ধ হ’ব গাড়ীখন। দায়টনা গ্ৰে’,ট্ৰপিকেল মিষ্ট আৰু অৰ্কাছ হুৱাইট ৰঙত গাড়ীখন গ্ৰাহকৰ বাবে উপলব্ধ।

টাটা মটৰ্ছৰ আঞ্চলিক প্ৰৱন্ধক সৌমেন পলে কয় যে,-“চাফাৰীয়ে ভাৰতক এছইউভি জীৱনশৈলীৰ সৈতে পৰিচয় কৰাইছিল আৰু ইয়াৰ নতুন সংস্কৰণ গ্ৰাহকৰ বহুমুখী জীৱনশৈলীৰ সৈতে জড়িত।  প্ৰিমিয়াম ফ্লেগছিপ এছ ইউ ভি টাটা চাফাৰী আধুনিক ইন্টেৰিয়ৰ প্ৰিমিয়াম বৈশিষ্ট্য যুক্ত।

‘এডভেঞ্চাৰ’ভালপোৱা গ্ৰাহকসকলে চাফাৰীক প্ৰাধান্য দিয়াৰ লগতে অধিক পছন্দ কৰে। কাৰণ চাফাৰীয়ে গ্ৰাহকক ন-ন অভিজ্ঞতা প্ৰদান কৰে”।

চাফাৰীৰ বহুমুখীতাই গ্ৰাহকক আৰাম আৰু আশ্বাস প্ৰদান কৰে। শক্তিশালী ২.০ লিটাৰ টাৰ্বচাৰ্জ কাইৰটেক ইঞ্জিন আৰু ইয়াৰ ২৭৪১ মিলিমিটাৰ হুইলবেচ আৰু এছৱুড যুক্ত ডেছবৰ্ড। লগতে,প্যানোৰেমিক চানৰুফ যুক্ত চাফাৰীৰ এই নতুন মডেলত 8.8 ইঞ্চিৰ ইনফোটেইনমেন্ট চিষ্টেম সংযুক্ত। টাটা মটৰ্ছৰ আন আন বাহনৰ দৰেই এই নতুন সংস্কৰণৰ বাহনৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে টাটা মটৰ্ছে। চাফাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপ্ৰদান কৰি  কেইটামান বিশেষত্ব সংযোজন কৰিছে টাটা মটৰ্ছে।

উদাহৰণস্বৰুপেঃ ডিস্ক ব্ৰেক,ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক আৰু ১৪ টা কাৰ্যকাৰিতা থকা এটা উন্নত ই.এছ.পি চিষ্টেম। এই নতুন চাফাৰীখন ৯টা ভিন্ন মডেলত উপলব্ধ হ’ব । এক্স.ই ৰ পৰা আৰম্ভ কৰি এক্স জেড এ+ লৈ নটা ভিন্ন মডেল উপলব্ধ হ’ব বজাৰত । ২০২০ বৰ্ষৰ দৰে এটা প্ৰত্যাহ্বানজনক বছৰত টাটা মটৰছে যাত্ৰীবাহী বাহনৰ বজাৰত এক সুন্দৰ স্থান দখল কৰিছে । বছৰটোৰ অক্টোবৰ মাহৰ পৰা ক্ৰমাগতভাৱে প্ৰতিমাহে ২৩,০০০তকৈও অধিক ইউনিট বিক্ৰী কৰি আহিছে। এই বৰ্ধিত চাহিদাৰ কাৰণ বি এছ ৬মডেলৰ সংযোজন ।

Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related