Advertisement

উপাধ্যক্ষৰ বিৰুদ্ধে গৰজি উঠিল নগাঁও জিলা কোচ- ৰাজবংশী সন্মিলনী

উপাধ্যক্ষৰ বিৰুদ্ধে গৰজি উঠিল নগাঁও জিলা কোচ- ৰাজবংশী সন্মিলনী

নিউজ ব্যুৰ’,নগাঁও,২৭জুন:–বিতৰ্কৰ আৱৰ্তত কোচ ৰাজবংশী উন্নয়ন পৰিষদ। হেমকান্ত ডেকা উপাধ্যক্ষ নিযুক্তি পোৱাৰ পিছৰে পৰাই আভ্যন্তৰীণ কন্দলত নামি পৰিছে কোচ ৰাজবংশী উন্নয়ন পৰিষদ। এইবাৰ উপাধ্যক্ষ হেমকান্ত ডেকাৰ বিৰুদ্ধে সৰৱ হ’ল সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা সমিতি । বৃহস্পতিবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত সংবাদমেল আয়োজন কৰি সন্মিলনীৰ নগাঁও জিলা সভাপতি প্ৰভাত বৰা আৰু কাৰ্য্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়াই উপাধ্যক্ষ হেমকান্ত ডেকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। সংবাদমেলত কয় যে ডেকাৰ লিগেচী পৰীক্ষা কৰা হওঁক। তেওঁ তিৱা জনগোষ্ঠীৰ লোক হৈয়ো মিছা পৰিচয়েৰে উন্নয়ন পৰিষদৰ উপাধ্যক্ষ নিযুক্তি লৈ অধ্যক্ষৰ বিৰুদ্ধে মিছা অভিযোগ আনি ছয় জনগোষ্ঠীক আভ্যন্তৰীণ কন্দলৰ মাজত ঠেলি দি আন্দোলন দুৰ্বল কৰিব খুজিছে। যি জন ব্যক্তি কোচ ৰাজবংশী জনগোষ্ঠীৰ হয় নে নহয় সন্দেহৰ আবৰ্তত আছে, তেখেতে আকৌ নিজকে নগাঁও জিলাৰ কোচ ৰাজবংশী সকলৰ অভিভাৱক সজাব বিচাৰিছে । ডেকাই বিগত দিনত সংবাদমেল সম্বোধন কৰোতে এবাৰ তেওঁ জনজাতি বুলিও ভুলতে উচ্চাৰণ কৰা কথা উল্লেখ কৰে। লগতে বক্ৰপথেৰে কিদৰে অ’ বি চিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলে তাৰো পৰীক্ষা কৰি যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিবলৈ সংবাদমাধ্যমৰ যোগেদি অসম চৰকাৰক অনুৰোধ জনায় । উল্লেখ্য যে ২০২০-২১ বৰ্ষৰ ২৫ কোটি টকাৰ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ দ্বাৰ ৰাজ্যৰ ১২খন জিলাত আদৰ্শ চিলাৰায় ভৱন নিৰ্মাণ হৈ আছে । কিন্তু হেমকান্ত ডেকাই আদৰ্শ চিলাৰায় ভৱন নিৰ্মাণ ক’তো হোৱা নাই,দেখা নাই,অনিয়ম হৈছে বুলি উত্থাপন কৰা মন্তব্যৰ বাবে তেওঁক সকীয়াই দিয়ে। আজিৰ সংংবাদমেলত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী লৈ উন্নয়ন পৰিষদৰ পৰা এই বিত্তীয় বৰ্ষত চিলাৰায় ভৱন নিৰ্মাণৰ নামত অৰ্থ যোগানৰ প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে সম্পন্ন হৈছে যদিও বৰ্তমানেও নগাঁও জিলা সমিতিয়ে অৰ্থ লাভ কৰা নাই । অহা এক-ডেৰমাহৰ ভিতৰতে কিছু যাবতীয় কাম সম্পন্ন হোৱাৰ পিছতেই চিলাৰায় ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে। সংবাদমেলত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰা,কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়া,উপ সভাপতি মুকুতা বৰা,তুৱা ৰাম বৰুৱা,প্ৰধান সম্পাদক জয়ন্ত হাজৰিকা,কোষাধ্যক্ষ ৰন্টু কুমাৰ ভূঞা,সদস্য দীগেন বৰুৱা,কবীন্দ্ৰ ডেকাকে আদি ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

Shahnawaz Hamza

Related