এইবাৰ কংগ্ৰেছ চৰকাৰ নাহিলে নিজৰ কাণ কাটি পেলাব আৰ পি শৰ্মাই!

1 min read

প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই নিজৰ কাণ কাটি পেলাব যদিহে কংগ্ৰেছ কৰ্মীসকলে ত্যাগ স্বীকাৰ কৰি কাম কৰি যোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰ নাহে। উদাহৰণস্বৰূপে এগৰাকী মাতৃয়ে কেঁচুৱা জন্ম দিয়াৰ আগৰ বেদনা আৰু জন্ম পোৱাৰ পিছৰ সুখৰ কথা উল্লেখ কৰে আৰ পি শৰ্মাই। বাইহাটা চাৰিআলিত কংগ্ৰেছৰ এখন সাংগঠনিক সভাত এইদৰে উল্লেখ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।

জালুকবাৰী সমষ্টিৰ পৰা অহা বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত এই কথা পোনচাতে নাকচ কৰে আৰ পি শৰ্মাই। আজমল মুখ্যমন্ত্ৰী হ’ব নেকি বুলি য়সোধা প্ৰশ্নৰ উত্তৰত আৰ পি শৰ্মাই কয় – আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে অন্তত ৬০খন আসন লাভ কৰিব আৰু এ আই ইউ ডি এফে কম আসন পাব। সেয়ে আজমল মুখ্যমন্ত্ৰী নহয়।

আজমল মুখ্যমন্ত্ৰী হ’ব বুলি বিজেপিৰ কেইজনমানে জোৰ–জুলুমকৈ মানুহৰ মনত সোমাই দিয়াৰ অভিযোগ আনে প্ৰাক্তন সাংসদগৰাকীয়ে।

আজমল আৰু তৰুণ গগৈক মোগল আখ্যা দিয়াত আচৰিত হোৱা বুলি উল্লেখ কৰে আৰ পি শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মোগল আখ্যা দিয়া মানে সমগ্ৰ আহোম জনগোষ্ঠীক বদনাম কৰা বুলি অভিযোগ আনে আৰ পি শৰ্মাই।

You May Also Like

More From Author