এই কেইটা লক্ষণ দেখা দিয়া মানে মহিলা গৰাকী গৰ্ভৱতী হোৱা

এই কেইটা লক্ষণ দেখা দিয়া মানে মহিলা গৰাকী গৰ্ভৱতী হোৱা

নাৰী সকলৰ বাবে “মা”হোৱাটো এটা সৌভাগ্যৰ কথা। এগৰাকী মহিলাই মাক হব নে নাই সেইটো লৈ বহুত উৎকন্ঠাত থাকে।

নাৰী গৰ্ভৱস্থাত থকা কিছুমান প্ৰাৰম্ভিক লক্ষ্যণ হ’ল….
১) উশাহ-নিশাহ লোৱাত বহুত কষ্ট অনুভৱ কৰা। কেতিয়াবা কেতিয়াবা এনেকুৱা অনুভৱ হয় । খত খতিত খোজ কাঢ়িলে বহুত কষ্ট অনুভৱ হয়। এই কাৰণে হয় যে মাকৰ গৰ্ভত থকা কেঁচুৱাই অক্সিজেন বিচাৰে।

২) স্তনত গধুৰ অনুভৱ কৰা । স্তনৰ আকাৰ ডাঙৰ হোৱা, স্তনৰ নাৰ্ভৰ সম্প্ৰসাৰণ হোৱা। এই সমূহ গৰ্ভৱতী হোৱাৰ লক্ষ্যণ।

৩) ৬ মাহৰ ভিতৰত গৰ্ভাৱতী মহিলাৰ বমি বমি ভাব হোৱা । হয়তো ৰাতিপুৱা, গধূলি, ৰাতি বমি বমি ভাব হ’ব পাৰে। এনেকুৱা হোৱাৰ কাৰণ হ’ল যে হ’ৰমন’ৰ পৰিৱৰ্তন ।

৪) বাৰে বাৰে প্ৰেচাৱ অনুভৱ কৰা। গৰ্ভৱতী হোৱাৰ সময়ত পেচাব বাৰে বাৰে হয়। গৰ্ভাৱতী সময়ত যদি পানীও কম খোৱা হয় তেতিয়াও প্ৰেচাবৰ অনুভৱ হয়। যদি বাৰে বাৰে প্ৰেচাবৰ অনুভৱ হয় ডাক্তৰক ভাল কৈ দেখুৱাব লাগে।( Assamese Fact )

৫) গৰ্ভৱস্থাত এগৰাকী নাৰীৰ মূৰৰ বিষ হোৱাটো সাধাৰণ বুলি ধৰা হয়। হ’ৰমন’ পৰিবৰ্তনৰ কাৰণে হয়।

৬) গৰ্ভাৱস্থাত এগৰাকী নাৰীৰ পিঠি বিষ অনুভৱ হয় আৰু শৰীৰৰ ওজন বাঢ়ি যায়।

৭) গৰ্ভৱস্থাত প্ৰথমতে পেটৰ সম্প্ৰসাৰণ অনুভৱ হয়। কাৰণ গৰ্ভত থকা কেঁচুৱাৰ আকাৰ অলপ ডাঙৰ হ’বলৈ আৰম্ভ কৰে।

৮) গৰ্ভাৱস্থাত নাৰীৰৰ খোৱা অহাৰ সমূহ সলনি হৈ পৰে। গৰ্ভাৱস্থাত টেঙা জাতীয় খাদ্য খাবলৈ বেছি মন যায়। সাধাৰণতে খাই থকা অহাৰ সমূহ খাবলৈ মন নোযোৱা হয়।

৯) গৰ্ভাৱস্থাত পাচন প্ৰক্ৰিয়া লাহে লাহে হ’বলৈ ধৰে।

১০) গৰ্ভাৱস্থাত নাৰীৰৰ বহুত স্বভাৱ সলনি হয়। কেতিয়াবা মন ভাল লাগি নাথাকিবও পাৰে , কেতিয়াবা খং উঠি থাকিব পাৰে…. আদি।।

Shahnawaz Hamza

Related