একশৰণ ভাগৱতী সমাজৰ বটদ্ৰৱা আঞ্চলিকৰ ৪২ সংখ্যক অধিবেশন সম্পন্ন

একশৰণ ভাগৱতী সমাজৰ বটদ্ৰৱা আঞ্চলিকৰ ৪২ সংখ্যক অধিবেশন সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৩মাৰ্চ:–অসমৰ অন্যতম ধৰ্মীয় অনুষ্ঠান এক শৰণ ভাগৱতী সমাজ,অসমৰ বটদ্ৰৱা আঞ্চলিক শাখাৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন,ধৰ্মালোচনী সভা আৰু মহা পালনাম কীৰ্তন অনুষ্ঠানটি যোৱা তিনিদিনীয়া কাৰ্যসূচীৰে হাতীচোঙৰ কমাৰচুকৰ বৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় । প্ৰথম দিনা পুৱা প্ৰাতঃপ্ৰসংগৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছত ধৰ্মধ্বজ্জা উত্তোলন কৰে আঞ্চলিকৰ সভাপতি প্ৰবীণ আতাই । বিয়লি অনুষ্ঠিত প্ৰতিনিধি সভাত বটদ্ৰৱা আঞ্চলিকৰ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে পূৰ্ণ চন্দ্ৰ দাসক সভাপতি আৰু সুৰেন চন্দ্ৰ দাসক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় । দ্বিতীয় দিনা মূল কাৰ্যসূচী হিচাপে পুৱাৰ ভাগত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা আৰু নাম-প্ৰসংগৰ অন্তত বিয়লি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয় । এক শৰণ ভাগৱতী সমাজৰ উপাচাৰ্য মুহিধৰ আতাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনি এক শৰণ ভাগৱতী সমাজৰ নগাঁও জিলা সমিতিৰ সভাপতি ভূৱনেশ্বৰ দাসে উদ্বোধন কৰে । সভাত নিদ্দিষ্ট বক্তা ৰূপে এক শৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি আৰু সচিব জীৱন চন্দ্ৰ দাসে ভাষণ দিয়ে । গাম্ভীৰ্যপূৰ্ণ সভাখনিত এক শৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জীৱন কাকতি,প্ৰাদেশিক পালনামাচাৰ্য হিৰেন আতা,নগাঁও জিলা সমিতিৰ সম্পাদক উমাকান্ত দাস,পাৰমাৰ্থিক সদস্য জিতেন হাজৰিকাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকি ধৰ্মীয়-তাত্বিক ভাষণ প্ৰদান কৰে। সন্ধ্যা গুণমালা কীৰ্তনৰ পিছতে মহা পালনাম কীৰ্তন অনুষ্ঠিত হয়। এই মহা পালনাম কীৰ্তন ওৰে নিশা অবিৰতভাবে চলি থাকি কালি পুৱা সামৰণি পৰাৰ পিছতে কৃপা প্ৰাৰ্থনাৰে অধিবেশনখনিৰ সামৰণি মৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related