Advertisement

এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ ভাইৰেল হৈছে অশ্লীল ফটো

এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ ভাইৰেল হৈছে অশ্লীল ফটো

এইখন অসমতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ ভাইৰেল হৈছে অশ্লীল ফটো। চাইবাৰ অপৰাধীৰ কবলত মহানগৰীৰ বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী। বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীসকলক এতিয়া টৰ্গেট কৰিছে অপৰাধী চক্ৰটোৱে। প্ৰায় ৬৩ গৰাকী ছাত্ৰীৰ ফটো সামাজিক মাধ্যমত ভাইৰেল দুষ্ট চক্ৰৰ।

হোৱাটছএপ গ্ৰুপৰ পৰা ফটো সংগ্ৰহ কৰি নিৰ্মাণ কৰিছে অশ্লীল ফটো। ২৩ ছেপ্টেম্বৰৰ পৰা সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। বেলতলা কনিষ্ঠ মহাবিদ্যালয়খনত বৰ্তমান হাহাকাৰ পৰিস্থিতি। সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত গোচৰ ছাত্ৰ-ছাত্ৰীৰ। বশিষ্ঠ ACP প্ৰাঞ্জল বৰুৱাক সাক্ষাৎ ছাত্ৰ-ছাত্ৰীসকলৰ।

Shahnawaz Hamza

Related