Advertisement

এনে ধৰণৰ আণ্ডাৰৱেৰ আপুনিও পিন্ধে নেকি? পিতৃ হ’ব নোৱাৰিব আপুনি! গৱেষণাত প্ৰকাশ…

এনে ধৰণৰ আণ্ডাৰৱেৰ আপুনিও পিন্ধে নেকি? পিতৃ হ’ব নোৱাৰিব আপুনি! গৱেষণাত প্ৰকাশ…

আণ্ডাৰৱেৰ হয়তো প্ৰতিজন মানুহেই পিন্ধে। অৱশ্যে মানুহে বিভিন্ন ধৰণৰ, বিভিন্ন ব্ৰেণ্ডৰ পিন্ধে। কিছুমানে ঢিলা আৰু কিছুমানে টাইট পিন্ধি বাল পায়। কিন্তু আপুনি জানেনে যে আপোনাৰ আণ্ডাৰৱেৰৰ আকাৰ আৰু ষ্টাইলে আপোনাৰ শুক্ৰাণুৰ সংখ্যাত প্ৰভাৱ পেলায়? হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে টাইট আণ্ডাৰৱেৰ পিন্ধা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা ঢিলা আণ্ডাৰৱেৰ পিন্ধা পুৰুষতকৈ কম। কিয় এনেকুৱা হয় জানো আহক…

আচলতে আপোনাৰ শৰীৰৰ উষ্ণতা আৰু শুক্ৰাণুৰ সংখ্যাৰ মাজত এক ডাঙৰ সম্পৰ্ক আছে। যদি আপুনি টাইট আণ্ডাৰৱেৰ পিন্ধে তেন্তে আপোনাৰ অণ্ডকোষ গৰম হৈ পৰে আৰু গৰমৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে আৰু ইয়াৰ বাবে শুক্ৰাণুৰ সংখ্যা কমিবলৈ আৰম্ভ কৰে। এই কাৰণেই চিকিৎসকে সদায় পৰামৰ্শ দিয়ে যে কেতিয়াও টাইট আণ্ডাৰৱেৰ পিন্ধিব নালাগে।

যদি আপুনি ইয়াৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে প্ৰথমে টাইট পেণ্ট, টাইট আণ্ডাৰৱেৰ পিন্ধা বন্ধ কৰিব লাগিব। এনে কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব লাগিব যিবোৰ অলপ ঢিলা আৰু যাতে আপোনাৰ যৌন স্বাস্থ্য অসাৰ নহয়। সম্ভৱ হ’লে ৰাতি শুই থকাৰ সময়ত আণ্ডাৰৱেৰ পিন্ধিব নালাগে। বৰঞ্চ তাৰ পৰিৱৰ্তে ঢিলা কপাহী বক্সাৰ পিন্ধি শুব লাগে। যদি আপুনি এনে কৰে তেন্তে আপোনাৰ অণ্ডকোষ ঠাণ্ডা হৈ থাকিব আৰু শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি হ’ব।

লেপটপত দীৰ্ঘসময় কাম কৰাটোও বেয়াঃ

যদি আপুনি লেপটপটো ভৰিৰ ওপৰত ৰাখি দীৰ্ঘসময় ধৰি ব্যৱহাৰ কৰে, ই আপোনাৰ বাবে অতি ক্ষতিকাৰক। এনে কৰিলে আপোনাৰ শুক্ৰাণুৰ সংখ্যা কমি যাব। আচলতে লেপটপ বহুসময় ব্যৱহাৰ কৰিলে ইয়াৰ তাপ পোনপটীয়াকৈ অণ্ডকোষলৈ যায় আৰু বহুদিন এই কাম কৰিলে আপোনাৰ শুক্ৰাণুৰ সংখ্যা কমিবলৈ আৰম্ভ কৰে।

 

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Shahnawaz Hamza

Related