Advertisement

এনে সময়ত সেন্দুৰ ললে ঘৰত সুখ-শান্তি নাইকিয়া হয়….

এনে সময়ত সেন্দুৰ ললে ঘৰত সুখ-শান্তি নাইকিয়া হয়….

কিছুমান বস্তু আমাৰ জীৱনত সুখ-শান্তি দিব পাৰে। আৰু কিছুমান বস্তুয়ে আমাৰ জীৱনৰ পৰা সুখ-শান্তি কাঢ়ি নিব পাৰে। এজন মানুহক ধ্বংসৰ দিশে ঠেলি দিবলৈ এটা সৰু ভুলেই যথেষ্ট, আজি আমি কথা পাতিম আপুনি অজানিতে কৰা কিছুমান ভুলৰ বিষয়ে…

গা ধোৱাৰ পিছত যদি চোকা বস্তু ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক । পৰিৱেশগত ভাৱে গা ধোৱাৰ পিছত কেতিয়াও চোকা সঁজুলি যেনে নখ কাটাৰ, ব্লেড বা ৰেজাৰ ব্যৱহাৰ কৰিব নালাগে। এনে কৰাটো বৰ কুৎসিত হ’ব পাৰে।

বহুতে বাথৰুমত কাপোৰ ধোৱাৰ পিছত বাল্টিত বাকী থকা পানীখিনি থৈ যায়। বাস্তুৰ মতে এনে কৰাটো বৰ বেয়া। বাল্টিত লেতেৰা পানী ভৰাই থলে আমাৰ জীৱনত বেয়া প্ৰভাৱ পৰে। ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰিব পাৰে। ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত হ’ব পাৰে।

গা ধোৱাৰ পিছত বাথৰুমৰ মজিয়া ভালদৰে পৰিষ্কাৰ কৰিব লাগে। বাথৰুমৰ মজিয়া সদায় তিতি থকাৰ বাবে ঘৰটোক আৰ্থিক বাধাই আগুৰি ধৰে। লগতে বাথৰুমটো লেতেৰা নকৰাকৈ সকলো বস্তু সঠিক ঠাইত ৰাখক।

বাথৰুমত কেতিয়াও খালী বাল্টি নাৰাখিব। বাস্তুৰ মতে বাথৰুমত বাল্টি বা টাবটো সদায় পানীৰে ভৰা ৰাখক। পানীৰে ভৰাই ৰাখিব নোৱাৰিলে ওলোটাকৈ ৰাখিব পাৰি। ইয়াৰ ফলত আপুনি যি কোনো ধৰণৰ ডাঙৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰিব।

বিবাহিত মহিলাসকলে গা ধোৱাৰ পিছত বা চুলি ধোৱাৰ পিছত লগে লগে সেন্দুৰ লব নালাগে। বাস্তুৰ মতে, তেনে কৰিলে মহিলাৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰিব পাৰে। তেওঁলোকৰ মনত বেয়া চিন্তাই ঠাই ল’ব পাৰে। ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত হ’ব পাৰে। পাৰিবাৰিক কাজিয়া বাঢ়িব পাৰে

Shahnawaz Hamza

Related