এবিপি নিউজ–চি ভোটাৰৰ অপিনিয়ন পলঃ ৬৮–৭৬ আসন লাভেৰে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ

এবিপি নিউজ–চি ভোটাৰৰ অপিনিয়ন পলঃ ৬৮–৭৬ আসন লাভেৰে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ

 দেশৰ নির্বাচন আয়োগে অসমসহ পাঁচ ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ বিধানসভা নির্বাচন ঘোষণা কৰাৰ পাছতেই শনিবাৰে ‘এ বি পি নিউজ–চি ভোটাৰ’–এ অপিনিয়ন পল প্রকাশ কৰিছে৷ এই অপিনিয়ন পল অনুসৰি মুঠ ১২৬খন আসনবিশিষ্ট অসম বিধানসভাৰ ৬৮–৭৬ আসন লাভ কৰি ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ ইয়াৰ বিপৰীতে ক্ষমতা দখলৰ সপোন দেখা কংগ্রেছ ৪৩–৫১খন আসনতে ক্ষান্ত থাকিব লাগিব৷

অপিনিয়ন পলটোত বিজেপিয়ে ৪২ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৩১ শতাংশ ভোটহে পোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হৈছে৷ সেইদৰে আন দল আৰু নির্দলীয় প্রার্থীসকলে লাভ কৰিব পাৰে ২৭ শতাংশ ভোট৷ এ বি পি নিউজ–চি ভোটাৰৰ এই অপিনিয়ন পলটো ৰাজ্যত সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত যথেষ্ট তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷ কিয়নো বিজেপিয়ে অগপ আৰু ইউ পি পি এলক লৈ গঠন কৰা মিত্রজোঁটে দ্বিতীয়বাৰৰ বাবে দিছপুৰত চৰকাৰ গঠনৰ লক্ষ্যৰে নির্বাচনী ৰণডংকা অব্যাহত ৰাখিছে৷

ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো শীর্ষ নেতাই উজনি–নামনি অসমৰ উপৰি বৰাক উপত্যকাত চলাইছে প্রাক্ নির্বাচনী প্রচাৰ অভিযান৷ সেইদৰে কংগ্রেছেও অসমৰ শাসনৰ বাঘজৰী কুক্ষিগত কৰাৰ উদ্দেশ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণ মর্চা আৰু বাঁও শিবিৰক লৈ মহাজোঁট গঠন কৰিছে৷

শনিবাৰৰ দিনটোত এই মহাজোঁটত চামিল হৈছে বিহাৰৰ প্রধান বিৰোধী দল আৰ জে ডি আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ৷ পিছে এ বি পি নিউজ–চি ভোটাৰৰ অপিনিয়ন পলে কার্যতঃ নিৰাশ কৰিলে মহাজোঁটক৷

উল্লেখ্য যে নির্বাচন আয়োগে কালি জাৰি কৰা অধিসূচনা অনুসৰি অসমত অহা ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত তিনিটা পর্যায়ত বিধানসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ত ৪৭টা, দ্বিতীয় পর্যায়ত ৩৯টা আৰু তৃতীয় পর্যায়ত ৪০টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত কৰাৰ সূচী নির্ধাৰণ কৰা হৈছে৷ ইফালে এ বি পি নিউজ–চি ভোটাৰে বিধানসভা নির্বাচন অনুষ্ঠিতব্য পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীক লৈও প্রকাশ কৰিছে অপিনিয়ন পল৷ এই অপনিয়ন পলত পশ্চিমবংগত পুনৰ তৃণমূল কংগ্রেছেই চৰকাৰ গঠন কৰাৰ ইংগিত দিয়া হৈছে৷ ৰাজ্যখনত তৃণমূল কংগ্রেছে ১৪৮–১৬৪ আসন লাভ কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰাৰ বিপৰীতে বিজেপিয়ে ৯২–১০৮টা সমষ্টিত জয়ী হ’ব বুলি কোৱা হৈছে৷

লক্ষণীয়ভাৱে ৰাজ্যখনত বাঁওপন্থী–কংগ্রেছ মিত্রজোঁট মাত্র ৩১–৩৯টা সমষ্টিতহে জয়ী হোৱাৰ ইংগিত দিয়া হৈছে অপিনিয়ন পলটোত৷ তামিলনাডুৰ ক্ষেত্রত ইউ পি এ (ডি এম কে, কংগ্রেছ আৰু অন্য দল) ৪১ শতাংশ ভোট লাভেৰে ক্ষমতালৈ অহাৰ সম্ভাৱনা প্রকাশ কৰা হৈছে৷ অপিনিয়ন পলটোত দাবী কৰা অনুসৰি ৰাজ্যখনত ইউ পি এই ১৫৪–১৬২খন আসন লাভ কৰিব৷ ইয়াৰ বিপৰীতে এন ডি এ (এ আই ডি এম কে, বিজেপি আৰু অন্যান্য) ৫৮–৬৬ আসনতে ক্ষান্ত থকাৰ ইংগিত দিয়া হৈছে৷

অপিনিয়ন পলটোত উল্লেখ কৰা অনুসৰি তামিলনাডুত এম এন এমে ২–৬টা আৰু এম এম কেই ১–৫টা সমষ্টিহে নিজৰ দখললৈ নিয়াৰ বাবে সক্ষম হ’ব পাৰে৷ কেৰালাৰ শাসকীয় চি পি আই (এম) নেতৃত্বাধীন লেফট ডেম’ক্রেটিভ ফ্রণ্ট ৮৩–৯১টা সমষ্টিত জয়ী হৈ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত দিয়া হৈছে৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত কংগ্রেছ নেতৃত্বাধীন ইউ ডি এফে ৪৭–৫৫খন আসন লাভেৰে দ্বিতীয় স্থানতে ক্ষান্ত থাকিব৷ অপিনিয়ন পলটোত কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীত প্রথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰা হৈছে৷ এইক্ষেত্রত কৰা পূর্বানুমান অনুসৰি বিজেপি নেতৃত্বাধীন শিবিৰে ১৭–২১খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছ মিত্রজোঁটে পাব পাৰে মাত্র ৮–১২খনহে৷

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.