মহাজোঁটৰ হাতত ধৰি নির্বাচন খেলিমঃ হাগ্রামা

মহাজোঁটৰ হাতত ধৰি নির্বাচন খেলিমঃ হাগ্রামা

দেশৰ নির্বাচন আয়োগে বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতেই দীর্ঘদিন ধৰি চলি অহা চর্চা, জল্পনা–কল্পনাৰ অৱসান ঘটাই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে আনুষ্ঠানিকভাৱে মহাজোঁটৰ অংশীদাৰ হোৱাৰ বিষয়ে ঘোষণা কৰিছে৷ বি পি এফৰ সভাপতি মহিলাৰীয়ে শনিবাৰে টুইটাৰযোগে এই কথা প্রকাশ কৰে৷

টুইটাৰত তেওঁ উল্লেখ কৰা অনুসৰি শান্তি, ঐক্য আৰু উন্নয়নৰ লগতে অসমত দুর্নীতিমুক্ত এখন সুস্থিৰ চৰকাৰ গঠনৰ বাবে বি পি এফে মহাজোঁটৰ হাতত ধৰি আসন্ন বিধানসভা নির্বাচনত অৱতীর্ণ হ’ব৷ তেওঁ আৰু কয় যে এতিয়াৰে পৰা বি পি এফে বিজেপি দলৰ সৈতে কোনো বন্ধুত্ব বা মিত্রতা নাৰাখে৷ ইয়াৰ সলনি তেওঁলোকে মহাজোঁটৰ হাতত হাত ধৰি আসন্ন নির্বাচনত কঠোৰ শ্রম কৰিব৷ উল্লেখ্য যে যোৱা বছৰ অনুষ্ঠিত বিটিচি নির্বাচনৰ সময়ৰে পৰা বিজেপিৰ সৈতে বি পি এফৰ সম্পর্ক তিক্ততাপূর্ণ হৈ পৰে৷ বিটিচি নির্বাচনৰ ফলাফলত বি পি এফ দল একক বৃহত্তম হোৱা সত্ত্বেও ইউ পি পি এল–বিজেপি আৰু জি এছ পিয়ে মিলি বিটিচিৰ শাসনভাৰ দখল কৰে৷ তেতিয়াৰে পৰাই আসন্ন বিধানসভা নির্বাচনত বি পি এফৰ ভূমিকাক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা আৰম্ভ হয়৷ যোৱা দিনসমূহত বি পি এফে কংগ্রেছৰ উপৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে যোগাযোগ অব্যাহত ৰাখে৷

দুদিন পূর্বে মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত আসন্ন বিধানসভা নির্বাচনৰ সময়ত তেওঁলোকে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে থাকে নে ৰাইজৰ দল–সম জাতীয় পৰিষদ আঞ্চলিক শক্তিৰ সৈতে মিত্রতা কৰে, সেই বিষয়ে মার্চ মাহৰ প্রথম ভাগত সিদ্ধান্ত চূড়ান্ত কৰিব বুলি প্রকাশ কৰিছিল৷ কিন্তু কালি হঠাৎ নির্বাচন আয়োগে নির্বাচনী অধিসূচনা প্রকাশ কৰাৰ পাছতেই বি পি এফে সিদ্ধান্ত চূড়ান্ত কৰাৰ বাবে মার্চ মাহলৈ অপেক্ষা নকৰি আজিয়েই মহাজোঁটৰ অংশীদাৰ হোৱাৰ বিষয়ে প্রকাশ কৰে৷ মহাজোঁটত বি পি এফৰ যোগদানে বিৰোধী শিবিৰক যে কিছু হ’লেও উৎসাহিত কৰিব, তাত সন্দেহ নাই৷ ইপিনে এতিয়াও মহাজোঁটৰ অংশীদাৰ নোহোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক কংগ্রেছ দলে মহাজোঁটত অংশ ল’বলৈ আহ্বান জনাই আছে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে কংগ্রেছৰ তৰফৰ পৰা তেওঁলোকক মহাজোঁটৰ অংশীদাৰ হ’বলৈ সদায় আহ্বান জনাই থকা হৈছে৷

অৱশ্যে এতিয়ালৈ তেওঁলোকে সেই প্রস্তাৱৰ প্রতি সঁহাৰি দিয়া নাই৷ কংগ্রেছৰ সেই প্রস্তাৱ প্রত্যাখ্যান কৰি সমালোচনা কৰি আছে৷ তথাপি কংগ্রেছে তেওঁলোকক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনাই আছে৷ এতিয়া বল তেওঁলোকৰ ক’টত৷ সেইদৰে প্রদেশ কংগ্রেছৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ তথা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে লুৰিণজ্যোতি গগৈ এজন আঞ্চলিকতাবাদী নেতা৷ অখিল গগৈ প্রতিবাদী সত্তা৷ কংগ্রেছে তেওঁলোকক আসন্ন বিধানসভা নির্বাচনত জয়ী হৈ অহাটো বিচাৰে৷ তাৰ বাবে কংগ্রেছৰ তৰফৰ পৰা তেওঁলোকে নির্বাচনত অৱতীর্ণ হ’বলগীয়া সমষ্টিত দলে প্রার্থিত্ব নিদিয়ে বুলিও প্রকাশ কৰি আহিছে৷ কিন্তু কংগ্রেছৰ এই সদ্ভাৱনাক দুর্বলতা বুলি ভাবিলে, কদৰ নকৰিলে স্বাভাৱিকতে কংগ্রেছে বিষয়টো পুনৰীক্ষণ কৰি সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে৷ মহাজোঁটৰ অংশীদাৰ আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই কয় যে ৰাইজৰ দল আৰু অখিল গগৈৰে এতিয়াও যোগাযোগ অব্যাহত আছে৷

অৱশ্যে মহাজোঁটলৈ অহা–নহাটো তেওঁলোকৰ কথা৷ গাৰ জোৰেৰে তেওঁলোকক আনিব পৰা নাযায়৷ ভূঞাৰ মতে, নতুন দল হিচাপে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ডাঙৰ শক্তিও নাই৷ আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রত্যাহ্বান জনাবৰ বাবে বর্তমানৰ মহাজোঁটেই যথেষ্ট৷ ইফালে আজি বাক্সাৰ নঞাবস্তিত ইউ পি পি এলৰ সভাপতি তথা বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে আসন্ন বিধানসভা নির্বাচনত ইউ পি পি এল দলে অকলে বিটিচিৰ ১২টা বিধানসভা সমষ্টিত প্রার্থিত্ব প্রদান কৰিব৷ যদিহে বিজেপি মিত্রজোঁটৰ সৈতে নির্বাচনত অৱতীর্ণ হয়, তেতিয়াহ’লে ইউ পি পি এলে দুই–এখন আসন এৰি দিব লগা হ’ব পাৰে৷ তেওঁ আৰু কয় যে বিটিচিৰ বাহিৰৰ বিলাসীপাৰা পূব, বিলাসীপাৰা পশ্চিম, গৌৰীপুৰ, ভৱানীপুৰ আৰু শোণিতপুৰ জিলাৰ এটা–দুটা সমষ্টিত এইবাৰ ইউ পি পি এলে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ প্রার্থী তালিকা প্রকাশৰ প্রসংগত তেওঁ কয় যে ওদালগুৰি জিলাৰ সমষ্টিসমূহৰ নির্বাচন দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’ব৷

কোকৰাঝাৰ লোকসভাৰ অধীনস্থ সমষ্টিসমূহৰ নির্বাচন তৃতীয় পর্যায়ত অনুষ্ঠিত হ’ব৷ পর্যায়ক্রমে দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ প্রার্থী তালিকা প্রকাশ কৰিব৷ প্রথমতে দ্বিতীয় পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রথমখন তালিকা প্রকাশ কৰিব৷ তৃতীয় পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিসমূহৰ প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থী তালিকা পৰৱর্তী পর্যায়ত প্রকাশ কৰা হ’ব৷

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.