১ মার্চত অসমলৈ আহিব প্রিয়ংকা গান্ধী; লখিমপুৰত মত বিনিময়, তেজপুৰত জনসভা

১ মার্চত অসমলৈ আহিব প্রিয়ংকা গান্ধী; লখিমপুৰত মত বিনিময়, তেজপুৰত জনসভা

অহা ১ মার্চত অসমত নির্বাচনী প্রচাৰ চলাবলৈ আহিব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী৷ সেইদিনাখন তেওঁ লখিমপুৰ জিলাত সোৱণশিৰিৰ এখন গাঁৱত স্থানীয় ৰাইজ আৰু নিবনুৱাসকলৰ সৈতে এক মত বিনিময় কার্যসূচীত অংশগ্রহণ কৰিব৷

তাৰ পাছতেই তেওঁ লেতেকুপুখুৰীস্থিত মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ জন্মস্থানলৈ যাব৷ ইয়াৰ পাছতেই তেওঁ তেজপুৰলৈ আহি এখন জনসভাত অংশগ্রহণ কৰিব৷ কংগ্রেছ নেত্রী গান্ধীয়ে এই ভ্রমণ সূচীতেই দলৰ ১০খন জিলাৰ জিলা পর্যায়ৰ নেতৃত্বৰ সৈতেও এখন বৈঠকত মিলিত হ’ব৷

Source- niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.