ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু ৷

ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু ৷

ওদালগুৰি জিলাৰ 4নং আমজুলিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন যুৱকৰ মৃত্যুয়ে এতিয়া চিন্তিত কৰি পেলাইছে সমগ্ৰ আমজুলি তথা ওদালগুৰি বাসীক ৷ সমগ্ৰ অসমত এতিয়া জাপানীজ এনকেফেলাইটিছ য়ে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত অস্বাভাৱিক মৃত্যুক আঁকোৱালি লৈছে বহু লোকে ৷ কৃষ্ণ বাহাদুৰ খদকা(26) নামৰ ওদালগুৰি জিলাৰ 4নং আমজুলিৰ যুৱকজন কেইবা দিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি বুধবাৰে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে ৷

ওদালগুৰিৰ পৰা মিৰাজুল হোছেইনৰ ৰিপোৰ্ট ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.