ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যুৱকৰ মৃত্যু ৷

0 min read

ওদালগুৰি জিলাৰ 4নং আমজুলিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন যুৱকৰ মৃত্যুয়ে এতিয়া চিন্তিত কৰি পেলাইছে সমগ্ৰ আমজুলি তথা ওদালগুৰি বাসীক ৷ সমগ্ৰ অসমত এতিয়া জাপানীজ এনকেফেলাইটিছ য়ে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত অস্বাভাৱিক মৃত্যুক আঁকোৱালি লৈছে বহু লোকে ৷ কৃষ্ণ বাহাদুৰ খদকা(26) নামৰ ওদালগুৰি জিলাৰ 4নং আমজুলিৰ যুৱকজন কেইবা দিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি বুধবাৰে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে ৷

ওদালগুৰিৰ পৰা মিৰাজুল হোছেইনৰ ৰিপোৰ্ট ৷

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author