ওদালগুৰিৰ ঘোঁৰাডাকত পুণৰ বন্যহস্তীৰ তাণ্ডৱ
👉ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসে চূড়ান্ত ৰূপ ধাৰন কৰা পৰিলক্ষিত হৈছে।

👉চলিত বৰ্ষতে সীমান্তৱৰ্তী মাজুলী চাহ বাগিছাৰ আৰু সাতঘৰীয়াত দুগৰাকী কৈ লোকে প্ৰাণ হেৰুওৱাৰ সমান্তৰালকৈ আজি জিলা খনৰ ঘোঁৰাডাক নেপালী গাঁৱত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় দুগৰাকীকৈ লোক।
👉নিশা শুই থকা অৱস্থাত প্ৰায় ১০ মান বজাত গাঁওখনত প্ৰৱেশ কৰা হাতীটোৱে খাদ্যৰ সন্ধানত ঘৰ ভঙাৰ ফলত ইতা পৰি আহত হয় লোক দুগৰাকী।
👉 বন্যহস্তীৰ আক্ৰমণত আহত লোক দুগৰাকী ক্ৰমে উদ্ধৱ কুমাৰ বিশ্বকৰ্মা(৫১) আৰু পত্নী পবি মায়া বিশ্বকৰ্মা(৪৫)।
👉নিহত লোক দুগৰাকীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰে স্থানীয় ৰাইজে।
👉ঘটনাস্থলীত উপ-মূখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী উপস্থিত হয় পৰিস্থিতিৰ বুজ লয়।