Advertisement

ওদালগুৰিৰ হাতীগড়ত ওড়িয়া জনগোষ্ঠীয় লোকসকলৰ দণ্ড যাত্ৰা উদযাপন

ওদালগুৰিৰ হাতীগড়ত ওড়িয়া জনগোষ্ঠীয় লোকসকলৰ দণ্ড যাত্ৰা উদযাপন

ওদালগুৰিৰ ভেলাকুটীত অৰ্ধ নগ্ন তথা খালী ভৰিৰে জুইৰ ওপৰেৰে সাহসেৰে খোজ কাঢ়িছে এদল লোকে |তেওঁলোকৰ এই সাহসী কাৰ্যক দেখিবলৈ লোকে লোকাৰণ্য হৈ পৰিছে | পিছে কিয় এনেদৰে এই সাহসী কাৰ্য কৰিছে এইসকল লোকে ? এয়া হৈছে ওড়িয়া জনগোষ্ঠীয় লোকসকলৰ অতীতৰে পৰা চলি অহা পুৰণি প্ৰথা | দৰাচলতে ওড়িশাৰ বিভিন্ন অঞ্চল আৰু বিশেষকৈ প্ৰাচীন কলিংগা সাম্ৰাজ্যৰ হৃদয়ভূমি গঞ্জাম জিলাত আয়োজিত পৰম্পৰাগত নৃত্য উৎসৱসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ পৰম্পৰাগত নৃত্য উৎসৱ হৈছে দণ্ড নৃত্য বা দণ্ড যাত্ৰা । ওড়িশাৰ লগতে অসমতো বসবাস কৰা ওড়িয়া জনগোষ্ঠীয় লোকসকলে প্ৰতিবছৰৰ চ’ত মাহত দণ্ড নাটৰ উৎসৱ অনুষ্ঠিত কৰি আহিছে। ৰাম প্ৰসাদ ত্ৰিপাঠীৰ প্ৰবন্ধ অনুসৰি ই কলিংগ ৰাজ্যৰ প্ৰাচীন উৎসৱ আৰু এতিয়াও প্ৰাচীন কলিঙৰ ৰাজধানী সম্পা অৰ্থাৎ গঞ্জাম জিলাৰ আধুনিক যুগদাত আৰু ইয়াৰ আশে-পাশে দণ্ড যাত্ৰা জীয়াই আছে বুলি কোৱা হৈছে । দণ্ডৰ অংশগ্ৰহণকাৰী সকলক দণ্ডুৱা বুলি কোৱা হয় | দণ্ডুৱা সকলে ১৮ ৰ পৰা ২১ দিনীয়া দণ্ডকালত তেওঁলোকে দেৱী কালী আৰু শিৱক প্ৰাৰ্থনা কৰে। ৰাতিপূৱা বন্দনাৰ পৰা আৰম্ভ কৰি নিশা লৈকে দণ্ড নৃত্য পৰিৱেশন কৰে | শেষৰ দিনটোত এইসকল লোকে দুঃসাহসী কাৰ্য সমূহ কৰা দেখিবলৈ পোৱা যায় | এই দ্ণ্ড যাত্ৰাৰ অকল পুৰুষ সকলেহে অংশ গ্ৰহণ কৰে | লগতে পুৰুষে মহিলাৰ সাজ পৰিধান কৰি স্বামী-স্ত্ৰীৰ ৰূপ ধাৰণ কৰে |ভেলাকুটীৰ কালী মন্দিৰত তেওঁলোকৰ দণ্ড নৃত্য বা দণ্ড যাত্ৰা চাবলৈ দূৰ দুৰণিৰ পৰা অগণন ভক্তৰ সমাগম ঘটে |

Shahnawaz Hamza

Related