ওদালগুৰিৰ হাবিত কাৰ এই অস্ত্ৰ ভাণ্ডাৰ…

ওদালগুৰিৰ হাবিত কাৰ এই অস্ত্ৰ ভাণ্ডাৰ…

ৰাজ্যত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। বি টি আৰৰ অন্তৰ্গত ওদালগুৰিত আৰক্ষীৰ অভিযানত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই বিষয়ে অৱগত কৰিছে। জি সি সিঙৰ টুইট অনুসৰি জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ চিকাৰীদাঙাৰ অৰণ্যৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই অস্ত্ৰ ভাণ্ডাৰ।

এই অস্ত্ৰ ভাণ্ডাৰত আছে ৬ টা এ কে ৪৭ ৰাইফল, এটা ৯ এম এম পিষ্টল, ৮ টা মেগজিন আৰু ৭৪ সক্ৰিয় গুলী। সোমবাৰে নিশা উপ-আৰক্ষী অধীক্ষক জ্যোতি প্ৰসাদ পেগু, পৰিদৰ্শক ৰাজীৱ গোঁহাই আৰু লালপানী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক ৰাজীৱ গোঁহাইৰ নেতৃত্বত চলিছিল এই অভিযান।

অৱশ্যে এতিয়ালৈকে এই অস্ত্ৰ ভাণ্ডাৰ কাৰ বা কোনে লুকুৱাই ৰাখিছিল সেই বিষয়ে জানিব পৰা নাই।এই সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

Shahnawaz Hamza

Related