ওৰাঙত আটছাৰ প্ৰতিবাদ…

ওৰাঙত আটছাৰ প্ৰতিবাদ…

বঙহৰ বিৰুদ্ধে বঙহৰ যুজ ।একে জনগোষ্ঠীৰ দুই ছাত্ৰ সংগঠৰ মাজত তীব্ৰ সংঘাত। ৰাজপথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ ।

আটছাই গংগা স্নান কৰালে আছাৰ সভাপতি প্ৰদীপ নাগৰৰ প্ৰতিমূৰ্তিক । ওদালগুৰি জিলাৰ ওৰাঙৰ ৰাজপথত প্ৰায় এক কিলোমিটাৰ পথ চুচোৰাই লৈ পাচনৈ নদীত গংগা স্নান কৰালে প্ৰদীপ নাগৰ প্ৰতিমূৰ্তি ।

প্ৰদীপ নাগ হুচিয়াৰ, প্ৰদীপ নাগৰ দালালগিৰি বন্ধ কৰক,আটছা জিন্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে আটছাৰ মাজবাট শাখাই । উল্লেখ্য যে, আদিবাসী ছাত্ৰ সন্থা সভাপতি প্ৰদীপ নাগে চাহ জনজাতিৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। এই লৈ দুই ভাতৃ সংগঠনৰ মাজত শীতল বাক্ যুদ্ধ চলি আছিল ।

GTM Desk

Related