কংগনাৰ ‘তেজস্ব’ চাই কান্দিলে যোগী আদিত্য নাথে

কংগনাৰ ‘তেজস্ব’ চাই কান্দিলে যোগী আদিত্য নাথে

কংগনা ৰণাৱতৰ ‘তেজস্ব’ মুক্তি লাভ কৰাৰ পাছতে দৰ্শকৰ সহাৰি আশানুৰূপ হোৱা নাই। যাৰ বাবে কংগনাই হাতজোৰ কৰি দৰ্শকক ছবিগৃহলৈ আহি ছবিখন চাবলৈ অনুৰোধ জনাইছে। তাৰ মাজতে অৱশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে উপভোগ কৰিলে এই চিনেমাখন।

মঙ্গলবাৰে ছবিখন চাই মুখ্যমন্ত্ৰীগৰাকীৰ হেনো নিগৰিল চকুলো। ৩১ অক্টোবৰত কংগনাই তেওঁৰ এই ছবিখন স্ক্ৰিণিঙৰ বিশেষ ব্যৱস্থা কৰিছিল। সেই বিশেষ স্ক্ৰিণিং উপভোগ কৰিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে।

এই স্ক্ৰিণিং উপভোগ কৰি যোগী আদিত্য নাথৰ চকুলু নিগৰিছিল। ছবিখন সমাপ্ত হোৱাৰ পাছত কংগনা ৰাণাৱতে সংবাদ মাধ্যমৰ আগত জনালে এই কথা। এই ছবিখন চাবলৈও আদিত্য নাথে দেশবাসীকো আহ্বান জনাইছে।

GTM Desk