কংগ্ৰেছলৈ অগপৰ ৪ নেতা! চৰকাৰৰ মিত্ৰ দলত থাকি কিয় এৰিব বিচাৰিছে দল?

কংগ্ৰেছলৈ অগপৰ ৪ নেতা! চৰকাৰৰ মিত্ৰ দলত থাকি কিয় এৰিব বিচাৰিছে দল?

চৰকাৰৰ অংশীদাৰী দল। পিছে দলটোৰ নেতৃত্বৰ ওপৰত বহু নেতাৰ  ভৰষা নাই। নিজৰ অনিশ্চয়তাৰে ভৰা ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত বহুকেইজন নেতা। ৰাজ্যৰ শাসনাধিস্থিত বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ ৪ জন নেতাই শীঘ্ৰে কংগ্ৰেছত যোগ দিব। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক নেতাৰ দলবাগৰা তেনেই সাধাৰণ কথালৈ পৰিণত হৈছে। এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দল এৰি কংগ্ৰেছত যোগ দিবলৈ ওলোৱা বুলি চৰ্চা চলিছে ৪ জন অগপ নেতাই।

ৰাজীৱ ভৱনত সংবাদ মেল পাতি দেওবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মুখপাত্ৰ দ্বিজেন শৰ্মাই কাৰো নাম নোলোৱাকৈ অহা ১১ অক্টোবৰত ৪ জন অগপ নেতাই কংগ্ৰেছত যোগ দিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পাছতেই ৰাজনৈতিক মহলত আৰম্ভ হৈছে জল্পনা কল্পনা। কোন চাৰিগৰাকী নেতাই কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা আছে তাকে লৈ আৰম্ভ হৈছে চৰ্চা। চৰ্চাত আছে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতা, অগপ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী উৎপল দত্ত আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা। ইয়াৰোপৰি দ্বিজেই শৰ্মাই সংবাদ মেলত চাৰি গৰাকী অগপ নেতাৰ লগতে বিজেপিৰ এজন প্ৰাক্তন সাংসদো কংগ্ৰেছ দলৰ সৈতে যোগাযোগত আছে বুলি প্ৰকাশ কৰিছে। সেইলৈও চলিছে আন এক চৰ্চা।

মন কৰিবলগীয়া যে, সমষ্টি পুনৰ নিৰ্ধাৰণত পিছত এই চাৰিগৰাকী অগপ নেতাই অসন্তুষ্টি প্ৰকাশ কৰিছিল। দলীয় টিকট নোপোৱাৰ সম্ভাৱনায়ো এই চাৰিগৰাকী অগপ নেতাক দল ত্যাগৰ চৰ্চালৈ আনিছে। বিধান সভা নিৰ্বাচনৰ কথা চিন্তা কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বেই দল ত্যাগৰ প্ৰস্তুতি চলাইছে বুলি চৰ্চা চলিছে।

ইপিনে চাৰি অগপ নেতাৰ মাজৰ কুমাৰ দীপক দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘জন্মলগ্নৰে পৰা থকা দলটো ত্যাগৰ কথা ভবা নাই’ বুলি মন্তব্য কৰিছে। অগপ সভাপতি অতুলি বৰাই, এনে খবৰ ওলোৱাৰ পাছতে আটাইকেইজনৰ সৈতে কথা পাতি অগপ ত্যাগ কৰিবলৈ ওলোৱা বাতৰি মিছা বুলি প্ৰকাশ কৰিছে। অৱশ্যে তাৰ পাছতো যদি কোনোবাই কংগ্ৰেছৰ সৈতে কথা পাতিছে সেয়া নাজানো বুলিও মন্তব্য কৰিছে।

একেসময়তে ডেৰ বছৰ পূৰ্বে BPF ত্যাগ কৰা আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ কুমাৰ বড়োৰ এটা ফেচবুক প’ষ্টেও ৰাজনৈতিক মহলক আন এটা উমান দিছে। প্ৰবীন বড়োৱেও কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা চলিছে। কাৰণ প্ৰবীন বড়োৱে এটা ফেচবুক প’ষ্টত এনেদৰে লিখিছে- ‘সঁচাই অতি বিচিত্ৰ ৰাজনীতিৰ পথাৰ। যিমানেই আগবাঢ়িব বিচাৰোঁ , সিমানে বাৰে বাৰে উজটি খাও । নিজে যিমানেই ভাল নহওক বা ভাল নকৰক তাত নেতৃত্বৰ ভাল পোৱা, বেয়া পোৱা কথাটোহে মুখ্য । ৰাজনীতিৰ কথা বতৰাবোৰ তেনেদৰেই অনুভব কৰোঁ । জীৱনৰ পথৰ এই কেঁকুৰিত থিয় হৈ আজি মই ৰাজনীতিৰ ক্ষেত্ৰত এক চূড়ান্ত সিদ্ধান্ত ল’বলৈ আগবাঢ়িছোঁ।’ ছ’চিয়েল মিডিয়াত কৰা এই প’ষ্টত ৰাজনীতিৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথাই প্ৰবীণ কুমাৰ বড়োৱে অৱগত কৰিছে। প্ৰবীণ বড়োৰ এই ইংগিতে কংগ্ৰেছৰ প্ৰতিয়ে বুলি বৰ্তমান ধাৰণা কৰা হৈছে।

GTM Desk

Related