কংগ্ৰেছ ত্যাগ কৰিলে গৌৰৱ বল্লভে, ক’লে – ‘ভুল দিশত আগবাঢ়িছে কংগ্ৰেছ…’

কংগ্ৰেছ ত্যাগ কৰিলে গৌৰৱ বল্লভে, ক’লে – ‘ভুল দিশত আগবাঢ়িছে কংগ্ৰেছ…’

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। বুধবাৰে বক্সাৰ বিজেন্দৰ সিঙে বিজেপিত যোগদান কৰে। আনহাতে, আজি কংগ্ৰেছ নেতা গৌৰৱ বল্লভে কংগ্ৰেছ দল ত্যাগ কৰে। গৌৰৱ বল্লভে দলৰ পৰা পদত্যাগ কৰি কয় যে তেওঁ সনাতম বিৰোধী শ্লোগান দিব নোৱাৰে। এনে অৱস্থাত দলত থকা কঠিন।

গৌৰৱ বল্লভে ছচিয়েল মিডিয়া এক্সত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘‘কংগ্ৰেছ দল আজি যিদৰে দিশহাৰা হৈ আগবাঢ়িছে, তাত মই নিজকে সহজ অনুভৱ কৰিব পৰা নাই। মই সনাতন বিৰোধী শ্লোগান দিব নোৱাৰো, লগতে পুৱা-গধূলি দেশৰ ৱেল্থ ক্ৰিয়েটৰ্ছক গালি দিবও নোৱাৰো। সেইবাবে মই কংগ্ৰেছ দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা ইস্তাফা দিছো।’’

GTM Desk

Related