কংগ্ৰেছ নীৰিহ মানুহৰ হত্যাকাৰী: মন্ত্ৰী পীযুষ হাজৰীকা
‘‘অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে ক’ব পাৰো যে এই পাঁচোটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে।’’ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও বিধানসভা সমষ্টিৰ মিকিৰভেটা বিহু মঞ্চত আয়োজিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। উল্লেখ্য অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ হয়। প্ৰথম পৰ্যায়ত অসমৰ পাঁচ টা সমষ্টি যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰত কালি নিৰ্বাচন অনুষ্ঠিত হৈ হয়।
ব্যাপক জনসমাগম হোৱা সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে কব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে।’’
সভাত মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক আক্ৰমণ কৰি কয় যে ‘‘কংগ্ৰেছৰ এই সাংসদজনে নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ হ’বৰ হ’ল, কিন্তু পাঁচ বছৰত তেওঁ মৰিগাঁও, জাগীৰোড তথা লাহৰীঘাটলৈকে এদিনো নাহিল। কংগ্ৰেছ দলে আকৌ তেওঁকে প্ৰাৰ্থিত্ব দিছে- এইবাৰ মিকিৰভেটা বাদ দিয়ক, মৰিগাঁও টাউন বাদ দিয়ক, জাগীৰোড, লাহৰীঘাট, ধিঙত, ৰূপহীত বাদ দিয়ক এওঁক এইবাৰ সংখ্যালঘুৱেও ভোট নিদিয়ে, ভোট এইবাৰ বিজেপিক দিব।’’
মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটত উপস্থিত থকাৰ কথা উল্লেখ কৰি কয় যে ‘‘লাহৰীঘাটত কালি মই ৪ খন সভাত অংশগ্ৰহণ কৰিছিলো। প্ৰত্যকখন সভাত ৮ৰ পৰা ১০ হাজাৰ মানুহৰ সমাগম হৈছিল আৰু ইয়াৰ ৮০ শতাংশই আছিল সংখ্যালঘু মানুহ। সেই সভাত মন্ত্ৰীগৰাকীয়ে এইবাৰ কাক ভোট দিব বুলি প্ৰশ্ন কৰাত লাহৰীঘাটবাসীয়ে একেমুখে অকল বিজেপিক ভোট দিব বুলি কয়। কিয়নো কংগ্ৰেছে লাহৰীঘাটবাসীৰ বাবে একো কাম কৰা নাই।’’
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ‘‘কংগ্ৰেছ চৰকাৰ অসমত ৬০ বছৰ আছিল। এই ৬০ বছৰত কংগ্ৰেছে অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ বনালে আৰু আমি ৭ বছৰ ১০ মাহ অসমখন চলালো, এই ৭ বছৰ ১০ মাহত মেডিকেল কলেজ বনালো ১৮ খন। মেডিকেল কলেজ অকল চিকিৎসাৰ বাবেই নহয়, মেডিকেল কলেজ হলেহে ডাক্তৰ পঢ়িব পাৰে। আৰু ডাক্তৰ পঢ়িলেহে আমি মিকিৰভেটাৰ দৰে অঞ্চলসমূহলৈ ডাক্তৰ পঠিয়াব পাৰিম। কংগ্ৰেছৰ দিনত অসমত বছৰত মাত্ৰ ৭২৬ জন ডাক্তৰ ওলাইছিল। সেই কাৰণে আমি গ্ৰামাঞ্চললৈ ডক্তৰ পঠিয়াব পৰা নাই, গাঁৱৰ মানুহ বেমাৰৰ সৈতে জীৱন নিৰ্বাহ কৰিবলগা হৈছে। ইয়াৰ কাৰণে একমাত্ৰ কংগ্ৰেছ চৰকাৰ দায়ী।’’
‘‘কংগ্ৰেছে যদি মেডিকেল কলেজ বনালেহেঁতেন, আজি আমাৰ ইয়াত চিকিৎসক উভৈনদী হৈ থাকিলহেঁতেন। আমাৰ মানুহ কম বয়সতে আজি মৃত্যুমুখত নপৰিলেহেঁতেন।’’ ইয়াৰ বাবে কংগ্ৰেছক নীৰিহ মানুহৰ হত্যাকাৰী বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছে ডক্তৰ সৃষ্টি নকৰাৰ বাবে আজি গাঁৱে-ভূঞে বহু নীৰিহ মানুহে চিকিত্সা অবিহনে মৰিব লগা হল বুলি মন্তব্য কৰে। কংগ্ৰেছক হত্যাকাৰী বুলি পুনৰ তেওঁ ভাষণত উল্লেখ কৰে। এনেকুৱা কংগ্ৰেছক ভোট দি কিবা লাভ হব নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।