কটন বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা, দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে
কটন বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে। আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত ছাত্ৰগৰাকী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়নৰত। ছাত্ৰীগৰাকীৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, প্ৰায় দুমাহ ধৰি মানসিক চাপত ভুগি আছিল ছাত্ৰীগৰাকী। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীয়ে লিখা এটা নোট।