কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা

কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা

‘কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা, পাঠিকা এগৰাকীৰ গাত থাকিব লগা গুণসমূহ নাই’ : কৈলাশ তালুকদাৰ

কপালত লিখা আছে কৰিশ্মা নাথৰ জনপ্ৰিয়তা। হাজোত এই মন্তব্য কৰিলে নাগাৰা নামৰ বিখ্যাত পাঠক কৈলাশ তালুকদাৰে। কৈলাশ তালুকদাৰে কয়, ‘‘কৰিশ্মা নাথ সৰু ছোৱালী, কৰিশ্মা কম দিনৰ ভিতৰতেই জনপ্ৰিয় হৈছে। নাগাৰা নামৰ বিষয়ে কৰিশ্মা নাথে শিকিবলগীয়া বহুতো আছে।’’

নাগাৰা নামৰ পাঠিকা এগৰাকীৰ গাত থাকিব লগা গুণসমূহ কৰিশ্মাৰ গাত নাই বুলিও মন্তব্য কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। সদৌ অসম নাগাৰা নাম সংঘৰ অধীনস্থ হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত হৈ পাঠক কৈলাশ তালুকদাৰে কৰিলে এই মন্তব্য।

Shahnawaz Hamza