কাইলৈ তৃতীয়খন মেচৰ বাবে সাজু বৰ্ষাপাৰা, আজি গুৱাহাটীত আহি উপস্থিত হ’ব দুয়ো দলৰ খেলুৱৈ

কাইলৈ তৃতীয়খন মেচৰ বাবে সাজু বৰ্ষাপাৰা, আজি গুৱাহাটীত আহি উপস্থিত হ’ব দুয়ো দলৰ খেলুৱৈ

বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ১৪০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ কৰি টীম ইণ্ডিয়াক পৰাস্ত কৰিছিল ভাৰতে। বিশ্বকাপ শেষ হোৱাৰ লগে লগে ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়া টী-২০ শৃংখলা। বিশ্বকাপৰ সপোন পূৰণৰ পৰা বঞ্চিত কৰা টীম ইণ্ডিয়াই যেন লৈছে ইয়াৰেই পোতক। ভাৰত-অষ্ট্ৰেলিয়া টী-২০ শৃংখলাৰ মুঠ ৫ খন শৃংখলাৰ প্ৰথম দুয়োখন মেচতে টীম ইণ্ডিয়াই পৰাস্ত কৰিছে অষ্ট্ৰেলিয়াক। কালি কেৰালাৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ৪৪ ৰাণত ভাৰতে পৰাস্ত কৰে অষ্ট্ৰেলিয়াক। টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াৰ সমুখত ভাৰতে ৰাখিছিল ২৩৬ ৰানৰ লক্ষ্য। কিন্তু ভাৰতৰ সমুখত টিকিব নোৱাৰিলে অষ্ট্ৰেলিয়া আৰু ১৯১ ৰাণতে সকলো উইকেট হেৰুৱাই। টীম ইণ্ডিয়াৰ যশস্বী জয়ছোৱাল, ৰিতুৰাজ গাইকোৱাড আৰু ঈশান কিষাণৰ অৰ্শশতক আৰু দুৰ্দান্ত বেটিং বিক্ৰমৰ সমুখত ৪৪ ৰাণৰ বিশাল ব্যৱধানত পৰাজিত হ’ল অষ্ট্ৰেলিয়া।

Shahnawaz Hamza

Related