কাইলৈ মাজুলীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রচাৰ

কাইলৈ মাজুলীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রচাৰ

বিধানসভা নির্বাচনলৈ মাজত মাথোঁ ছটা দিন বাকী৷ ইতিমধ্যে শাসক–বিৰোধী দুয়োটা দলেই মাজুলীত নির্বাচনী প্রচাৰ তীব্রতৰ কৰি তুলিছে৷ ৯৯নং মাজুলী জনজাতি বিধানসভা সমষ্টিত কংগ্রেছৰ প্রার্থী ৰাজীৱলোচন পেগুৰ হৈ দলৰ ষ্টাৰ কেম্পেইনাৰ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেজ ৱাঘেলে নির্বাচনী প্রচাৰ চলাই যোৱাৰ পাছত মাজুলীৰ ৰাজনীতিৰ পৰিৱেশ কিছু উত্তাল হৈ পৰিছে৷ বিজেপি আৰু কংগ্রেছ দুয়োটা দলেই মাজুলীৰ চুকে–কোণে নির্বাচনী প্রচাৰ চলাই সাধাৰণ ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷

ইফালে, অহা ২২ মার্চত দেশৰ গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত নির্বাচনী প্রচাৰ চলাবলৈ অহাক কেন্দ্র কৰি ব্যস্ত হৈ পৰা দেখা গৈছে ভাৰতীয় জনতা পার্টী তথা মিত্রজোঁটৰ কর্মীসকল৷ ডেৰ লক্ষাধিক লোকক আদৰিবলৈ ফুলনি পথাৰত বৃহৎ আকাৰৰ মণ্ডপ সাজু কৰি তোলা হৈছে৷

মাজুলীৰ আঁহতগুৰিৰ পৰা জাবৰচুক–তাকাৰচুক সকলো বিজেপি মিত্রজোঁটৰ কার্যকর্তাই গভীৰ উৎসাহেৰে নির্বাচনী প্রচাৰত জঁপিয়াই পৰা দেখা গৈছে৷ শনিবাৰে মণ্ডপস্থলীত উপস্থিত হৈ ভাৰতীয় জনতা পার্টীৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শর্মাই এই প্রতিবেদকৰ আগত কয় যে অহা ২২ মার্চত মাজুলীৰ ফুলনিত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অংশগ্রহণ কৰাৰ খবৰ মাজুলীবাসীৰ বাবে অতি আশাপ্রদ৷

কেন্দ্রীয় গৃহমন্ত্রীজনে মাজুলীৰ সর্বসাধাৰণ ৰাইজৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ কার্যপন্থা গ্রহণ কৰি আহিছে আৰু অসমত সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ দ্বৈত প্রচেষ্টাত অসমত যি নৱজাগৰণৰ সূচনা হৈছে, ইয়েই পুনৰ অসমত যে বিজেপি চৰকাৰ হ’ব, তাকেই প্রতিপন্ন কৰা বুলি উল্লেখ কৰে৷

২০১৬ চনৰ বিধানসভা নির্বাচনতকৈ এইবাৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমৰ ১২৬টা বিধানসভা সমষ্টিতকৈ অধিক ভোটেৰে মাজুলীৰ পৰা জয়ী হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related