ডিব্রুগড় গেৰুৱাময় কৰি হাজাৰ হাজাৰ সমর্থকৰে ড০ শর্মাৰ বিশাল পদযাত্রা

ডিব্রুগড় গেৰুৱাময় কৰি হাজাৰ হাজাৰ সমর্থকৰে ড০ শর্মাৰ বিশাল পদযাত্রা

অভূতপূর্ব দৃশ্য ঘণ্টা ঘণ্টা ধৰি পথৰ কাষত, ঘৰৰ সন্মুখত, ঘৰৰ চাদৰ ওপৰত ৰৈ আছে শ শ জনতা৷ ব্যাপকভাৱে আদৰিবলৈ, কাষৰ পৰা চাবলৈ, গামোচাৰে ওলগ জনাবলৈ, হেঁপাহেৰে পুষ্পমাল্য অপর্ণ কৰিবলৈ চকু টিপ নমৰাকৈয়ে ৰৈ আছে হাজাৰ হাজাৰ জনতা৷ গেৰুৱাময় হৈ পৰা ডিব্রুগড়ত ড০ হিমন্ত বিশ্ব শর্মাক চাবলৈ নিশা হাজাৰ হাজাৰ লোকে এনেদৰে দীর্ঘসময় অপেক্ষা কৰে৷ ডিব্রুগডৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰা পদযাত্রাত দেখা গ’ল অভূতপূর্ব দৃশ্য৷ দহ সহস্রাধিক লোকে অংশগ্রহণ কৰা পদযাত্রা পুৰণি হাইস্কুল খেলপথাৰ পৰা আৰম্ভ হৈ এ টি ৰোড, এইচ এছ ৰোড হৈ শান্তিপাৰা পূর্ণানন্দ ৰোড হৈ চিৰিং চাপৰিলৈকে প্রায় সাত কিলোমিটাৰ পথ একেই দৃশ্য৷

চিৰিং চাপৰি খেলপথাৰত সহস্রাধিক লোকক উদ্দেশ্যি দিয়া ভাষণত মন্ত্রী ড০ শর্মাই কয়– ‘প্রশান্ত ফুকন চতুর্থবাৰৰ বাবে বিধায়ক হ’ব৷ প্রশান্ত ফুকনক এইবাৰ মন্ত্রিত্ব দিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহক অনুৰোধ কৰিব হিমন্তই৷’ নিজৰ ভাষণ প্রসংগত কংগ্রেছক তীব্র সমালোচনা কৰি ড০ শর্মাই কয় যে আজমলৰ বোকোচাত উঠি মুখ্যমন্ত্রী হোৱাৰ সপোন দেখা ৰিপুণ বৰাকো এইবাৰ আজমলৰ স’তে একেলগে বাংলাদেশলৈ পঠাব লাগে৷ তেওঁ ঘোষণা কৰে– অসমত বিকাশো লাগিব, অসমত সভ্যতাও লাগিব, অসমত সুৰক্ষাও লাগিব৷ আমাৰ নির্বাচন সভ্যতা, সংস্কৃতি আৰু সুৰক্ষাৰ ওপৰত হ’ব৷ মুঠৰ ওপৰত আজমলক আমাৰ দিছপুৰৰ বৰঘৰত বহিব নিদিওঁ নিদিওঁ নিদিওঁ এয়া আমাৰ সংকল্প৷

ৰিপুণ বৰাক কটাক্ষ কৰি ড০ শর্মাই কয় যে ৰিপুণ বৰাই মুখ্যমন্ত্রী হ’ব বিচাৰে৷ তেনেহ’লে শিক্ষামন্ত্রী, গৃহমন্ত্রী কোন হ’ব? আমি অসমখনক আজমলক বন্ধকত দিবলৈ নিদিওঁ৷ কংগ্রেছে কৰা কামত অসমীয়া জাতিয়ে কেতিয়াও সমর্থন নিদিয়ে বুলি মন্ত্রী ড০ শর্মাই সজোৰে সদৰী কৰি কয়– এসময়ত বদনে মানক আনিছিল বুলি আপোনালোকেও বদৰুদ্দিনক আনিব নেকি? ক্ষমতাৰ বাবে জাতিক বিক্রী কৰিব নেকি? ক্ষমতা লাগে লওক, কিন্তু ক্ষমতালৈ আহিবৰ বাবে আৰু কোনো বেলেগ ৰাস্তা নাছিল নেকি৷ অসমৰ সর্বাংগীণ উন্নয়নৰ স্বার্থত, জাতিৰ সুৰক্ষাৰ স্বার্থত বিজেপি আৰু মিত্রদল অগপক ভোট দিবলৈ ৰাইজক তেওঁ আহ্বান জনায়৷

শনিবাৰে ড০ শর্মাৰ স’তে প্রশান্ত ফুকন, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, বিধায়ক ঋতুপর্ণ বৰুৱা, উন্নয়ন প্রাধিকৰণৰ সভাপতি অসীম হাজৰিকা আদি উপস্থিত থাকে৷

Source-Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related