কাৰাগাৰৰ পৰা বাহিৰলৈ নৱজ্যোৎ সিং সিদ্ধু…

কাৰাগাৰৰ পৰা বাহিৰলৈ নৱজ্যোৎ সিং সিদ্ধু…

আজি মুকলি আকাশাৰ তললৈ আহিব কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধু। ৫৯ বৰ্ষীয় সিদ্ধু যোৱা ১০ মাহ ধৰি পাটিয়ালাৰ কাৰাগাৰত বন্দী হৈ আছে। তেওঁক আদৰিবলৈ কাৰাগাৰৰ বাহিৰত তেওঁৰ সমৰ্থকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে।

আনহাতে পঞ্জাৱ কংগ্ৰেছৰ সকলো নেতাকে আন কাৰ্যসূচী স্থগিত ৰাখি কাৰাগাৰৰ সন্মুখত সকলোকে উপস্থিত হৈ আদৰণি জনাবলৈ নিৰ্দেশনা দিছে।পাটিয়ালাত উপস্থিত থকা কংগ্ৰেছৰ পূৰ্বৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌতম ছেথে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছ নেতা কে চি বেনুগোপালে সকলোকে পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী স্থগিত ৰাখি সিদ্ধুক আদৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজাই সিদ্ধুক আদৰিবলৈ যোৱাৰ পৰা বিৰত থাকিব বুলি জনাইছে। চৰ্চা অনুসৰি সিদ্ধুৰ জেলৰ পৰা বাহিৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে পঞ্জাৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিভিন্ন দায়িত্বৰ পৰা সিদ্ধুৰ অনুগামি নেতাসকলক অব্যাহতি দিছে।

উল্লেখ্য যে, কাৰগাৰত বন্দী হৈ থকা সময়ত নৱজ্যোৎ সিং সিদ্ধুৱে কোনো ধৰণৰ ছুটি লোৱা নাছিল। যাৰ বাবে তেওঁক ৪৮ দিনৰ পূৰ্বেই কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে।

শুকুৰবাৰেই সিদ্ধুৰ টুইটাৰ হেণ্ডেলৰ পৰা কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ কথা প্ৰকাশ কৰা হৈছিল। অৱশ্যে সিদ্ধুক আদৰণি জনাবলৈ কোনো বৃহৎ কাৰ্যসূচী হাতত লোৱা হোৱা নাই। তাৰ মাজতো ঢোল লৈ কাৰাগাৰৰ বাহিৰত তেওঁৰ সমৰ্থকে ভিৰ কৰিছে। উপস্থিত আছে পঞ্জাৱ কংগ্ৰেছৰ বহু নেতা।

GTM Desk