Advertisement

কুকুৰো সাৰি নগ’ল জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট যৌন কামনাৰ আতিশয্যৰ পৰা

কুকুৰো সাৰি নগ’ল জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট যৌন কামনাৰ আতিশয্যৰ পৰা

মানৱ জাতিটোৰ সামগ্ৰিক উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি সততেই জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় । অৱশ্যে এই খিতাপ নিজেই নিজকে দিয়া । কিন্তু দিনে দিনে অৱক্ষয় হৈ অহা মানসিকতাৰ প্ৰতি লক্ষ্য ৰাখি এই খিতাপ যে আমাৰ বাবে নহয় সেই কথা সকলোৱে বুজি উঠিছে । ক’ৰ’বাত যদি হত্যা, ক’ৰ’বাত যৌন আতিশয্য । মুঠতে ইতিহাসৰ পাতত উল্লেখিত সকলোখিনি অপৰাধেই বাৰে বাৰে দোহাৰি আহিছে মানুহে । কোনো চেষ্টা বাদ পৰা নাই এই অৱক্ষয়ক আগুৱাই নিয়াত ।

তেনে এক ঘটনাই পুনৰ এবাৰ সংঘটিত হ’ল বিহাৰত । কিন্তু এইবাৰ অপৰাধ আৰু নিকৃষ্ট । বিকৃত যৌন মানসিকতাৰ বলি হ’ল বাটৰ কুকুৰ । এই ঘটনা সংঘটিত হৈছিল ৮ মাৰ্চ,২০২৩ ত অৰ্থাৎ হোলীত । য’ত এগৰাকী লোকৰ কামনাৰ বলি হৈছিল এটা কুকুৰ । অঞ্চলটিত থকা চি চি টিভি ফুটেজ সামাজিক মাধ্যমত বিয়পি পৰাত হে এই ঘটনা পোহৰলৈ আহে । যাৰ ওপৰতেই ভিত্তি কৰি এটি বেচৰকাৰী সংস্থাই ফুলৱাৰী আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

প্ৰশ্ন হয়, এই অৱক্ষয়ৰ মূল কাৰণ কি ? এনে ধৰণৰ অপৰাধ সমূহৰ অন্তৰালত থকা কাৰণ জনাটো নিশ্চয়কৈ প্ৰয়োজনীয় হৈ পৰিছে যাতে ভৱিষ্যতলৈ এনে অপৰাধ ৰোধ কৰিব পৰা যায় । কেৱল এজন দোষীক শাস্তি দিলেই এই ঘটনাৰ অন্ত নপৰে কাহানিও । আৰক্ষী আৰু অপৰাধ হয়তো কোনো দিশত সংপৃক্ত বহু ক্ষেত্ৰত । যিদৰে সাধাৰণ ভাষাত “আইন থকালৈ অপৰাধ থাকিব” । কিন্তু এই অপৰাধৰ পৰিমাণ হ্ৰাস কৰিবলৈ নিশ্চয়কৈ সমাজ সংস্কাৰ আৰু মনোবিজ্ঞানীৰো প্ৰয়োজন হ’ব ।

Shahnawaz Hamza

Related