কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

0 min read

নতুন কৃষি আইনক লৈ দিল্লীৰ সীমাত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । কৃষকৰ প্ৰতিবাদত ভাগ লৈছে পাঞ্জাৱ,হাৰিয়ানাৰ লগতে দেশৰ বহু কেইখন ৰাজ্যই । ইফালে কৃষি আইন সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব ।

জানিব পৰা অনুসৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতৃত্বই বৃহস্পতিবাৰে ১০ বাজি ৪৫ মিনিটত বিজয় চ’কৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ এক প্ৰতিবাদ প্ৰদৰ্শন কৰিব । প্ৰতিবাদৰ পিছতে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰেৰন কৰিব ।

You May Also Like

More From Author