কোৰোনাঃ ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ থাকিব বন্ধ

কোৰোনাঃ ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ থাকিব বন্ধ

কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় পুৰাতত্ব বিভাগে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অন্তৰ্গত সকলো পৰ্যটনক্ষেত্ৰ অহা ১৫মে’ৰ লৈকে বন্ধ ৰখা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এই সন্দৰ্ভত ইতিমধ্যে প্ৰেৰণ কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি অসমতো ৰংঘৰ, কাৰেং ঘৰ আৰু তলাতল ঘৰ বন্ধ থাকিব। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি প্ৰদান কৰা এই নিৰ্দেশনা কঠোৰভাৱে মানিবলৈ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Shahnawaz Hamza

Related