খটৰাত ৫ দিনিয়া চিয়া গীতৰ কৰ্মশালা সপ্পন্ন

0 min read

অ বিডক্ত দৰংজিলাত ১৯৮৫ চনতেই গঠন কৰা সাংকৃতিক অনুষ্ঠান বিষ্ণুজ্যোতি সাংকৃতিক গোস্ঠীৰ উদ্যোগত ; আৰু দৰঙৰ ঐতিহ্য মন্ডিত খটৰা অত্ৰৰ লগতে মানৱ কল্যান সংস্হাৰ সহযোগত ঐতিহ্য মন্দিত খটৰা সত্ৰত ২৭জুলাইৰ পৰা ৫ দিনীয়াকৈ অনুস্হিত হোৱা চিয়া গীতৰ কৰ্মশালা খনিৰ সামৰণি পৰে আজি । চিয়া গীতৰ কৰ্মশালা খনিত ৬০ গৰাকি শিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে । কৰ্মশালা খনিত সমল ব্যক্তি হিচাপেতৰুন আজাদ ডেকা ;ভদ্ৰ কান্ত নাথ পুষ্প হাজৰিকা আৰুখনিন্দ্ৰ বৰা উপস্হিত থাকি শিক্ষাৰ্থী সকলক চিয়া গীতৰ বিভিন্ন পৰিবেশন আৰু ইয়াৰ তাত্তিক দিশ সমূহৰ ওপৰত বিষদ ভাৱে প্ৰশিক্ষন প্ৰদান কৰে ।
আজি ৰ সামৰনি অুষ্হানটোত উপষ্ঠিত থাকি ভাষন প্ৰদান কৰে দৰঙী কলা কৃষ্টি উন্থানয়ন সংঘৰ সম্পাদক কুলেন্দ্ৰ নাথ ডেকা . প্ৰৱক্তা হৰেন ডেকা . সাহিত্যক সৎৰষম ডেকা বুঢ়ি নগৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা তিলক কলিতাই । সদৌ অসম অনসূচিত ছাত্ৰ সন্হাৰ সম্পাদক তথা আম্বেদকাৰ বঁটা প্ৰাপক সুশীল সূত্ৰধৰ খটৰা সত্ৰৰ সম্পাদক গংগাৰাম বৈশ্যৰ লগতে বহু কেইগৰাকি বিশিষ্ট ব্যক্তি উপস্হিত থাকে । আজিৰ অনষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থী সকলৰ মাজত চিত্ৰাংকন আৰু চিয়াগীতৰ প্ৰতিযোগীতা সামৰণি অনুষ্ঠান আজিৰ অনুস্হাটো সন্চালনা কৰে হেমচন্দ্ৰ কলিতা ই।

কণ আলি হাজৰিকাৰ ৰিপোৰ্ট, গুৱাহাটী টাইমছ ।

You May Also Like

More From Author