খেতিপথাৰত মুকলি ৰীমা দাসৰ চলচ্চিত্ৰ ‘তৰা’ছ হাছবেণ্ড’ৰ পষ্টাৰ, ২২ ছেপ্টেম্বৰত আহিব ছবিগৃহলৈ

খেতিপথাৰত মুকলি ৰীমা দাসৰ চলচ্চিত্ৰ ‘তৰা’ছ হাছবেণ্ড’ৰ পষ্টাৰ, ২২ ছেপ্টেম্বৰত আহিব ছবিগৃহলৈ

খ্যাতনামা চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ (Filmmaker Rima Das) শেহতীয়া চলচ্চিত্ৰ ‘তৰা’ছ হাছবেণ্ড’ (Tora’s Husband) অহা ২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব। আজি দেওবাৰে ছয়গাঁও থানা এলেকাৰ দগাঁও কটহী গাঁৱত ‘তৰা’ছ হাছবেণ্ড’ৰ মুখ্য চৰিত্ৰৰ অভিনেতা অভিজিৎ দাসৰ কৃষিপামত এক ব্যতিক্ৰমী নৈসৰ্গিক পৰিৱেশত চলচ্চিত্ৰখনৰ পষ্টাৰ মুকলি কৰা হয় । তৰা’ছ হাছবেণ্ডৰ পৰিচালক ৰীমা দাসৰ লগতে শুভাকাংক্ষী আৰু চলচ্চিত্ৰখনৰ সৈতে জড়িত শিল্পী তথা কলা-কুশলীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প’ষ্টাৰখন মুকলি কৰে। চলচ্চিত্ৰখনৰ মুখ্য অভিনেতা অভিজিত দাস খেতিৰ কামত ব্যস্ত হৈ থকাৰ বাবে প্ৰেক্ষাগৃহৰ পৰিৱৰ্তে তেওঁৰ কৰ্মস্থান অৰ্থাৎ খেতিপথাৰৰ এই ব্যতিক্ৰমী পৰিৱেশত চলচ্চিত্ৰখনৰ পোষ্টাৰ মুকলি কাৰ্যসূচী অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে।

GTM Desk

Related