খোল খালে মা কামাখ্যাৰ দুৱাৰ…

খোল খালে মা কামাখ্যাৰ দুৱাৰ…

অৱশেষত ভক্তৰ বাবে মুকলি হ’ল মা কামাখ্যাৰ দুৱাৰ। অম্বুবাচী উপলক্ষে ২৩ জুনৰ পুৱতি নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আছিল প্ৰবৃত্তি।

সেই উপলক্ষে বন্ধ হৈছিল হৈছিল মা কামাখ্যাৰ দুৱাৰ। আৰু আজি মা কামাখ্যাৰ মহা নিবৃত্তি। সেই উপলক্ষে পুৱা ৫ বজাতেই ভক্তৰ বাবে মুকলি হ’ল দুৱাৰ। মহা অম্বুবাচী উপলক্ষে নীলাচল পাহাৰলৈ আগমন ঘটিছে দেশ, বিদেশৰ লাখ লাখ ভক্তৰ।

শক্তি পীঠত দিনে, নিশাই চলিছে মা কামাখ্যাৰ আৰাধনা। উল্লেখ্য যে, আজি মা কামাখ্যা মন্দিৰত দৰ্শনৰ বাবে ভি আই পি আৰু ভি ভি আই পিৰ বাবে নাই বিশেষ ব্যৱস্থা।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২৬ আৰু ২৭ জুনত সাধাৰণ ভক্তৰ দৰেই সকলোৱে মা কামাখ্যাক দৰ্শন কৰিব লাগিব। পুৱা স্নানকৰণ, শুদ্ধিকৰণ আৰু নিত্য পূজাৰ পাছতেই ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে মা কামাখ্যাৰ দুৱাৰ।

Shahnawaz Hamza

Related