গহপুৰৰ কলাবাৰীত শোকৰ ছাঁ

গহপুৰৰ কলাবাৰীত শোকৰ ছাঁ

গহপুৰৰ কলাবাৰীত শোকৰ ছাঁ

দক্ষিণ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত বৰাৰ পৰলোকপ্ৰাপ্তি। যকৃৎ আৰু বৃক্ক জনিত ৰোগত গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয়। ৰঞ্জিত বৰাৰ নশ্বৰ দেহ গৃহ অভিমুখে আনি থকা হৈছে। দক্ষিণ কলাবাৰীৰ পোকপৰা গাঁৱৰ নিৱাসী আছিল প্ৰয়াত অধ্যক্ষ গৰাকী। প্ৰয়াত ৰঞ্জিত বৰা এগৰাকী শিক্ষকৰ উপৰিও সমাজ সংগঠক ৰূপে পৰিচিত আছিল। তেখেতৰ মৃত্যুত সমগ্ৰ গহপুৰ অঞ্চলত শোকৰ ছাঁ পৰিছে । গহপুৰৰ বিভিন্ন দল সংগঠনে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

Desk Editor