”গুলী কৰি দিম”- ফেচনিষ্ট উৰ্ফী জাভেদে পালে মৃত্যুৰ ভাবুকি, বাঢ়িছে মৃত্যুভয়!
উদ্ভট সাজসজ্জাৰে ফটোশ্বুট কৰি জনপ্ৰিয় হৈ পৰা উৰ্ফি জাভেদলৈ আহিল ভাবুকি। ফেশ্বনিষ্ট উৰ্ফি জাভেদ– যিয়ে মায়ানগৰীৰ অন্যতম জনপ্ৰিয় তাৰকা, তেওঁ সদায় নেটদুনিয়াত অদ্ভুত কাপোৰ পিন্ধি অনুৰাগীক আচৰিত কৰি তোলে।
তেওঁ সদায়ে নতুন নতুন সাজসজ্জাৰে অৱতাৰ ধৰি বাৰে বাৰে শিৰোনাম দখল কৰাৰ লগে লগে তেওঁক এই কাৰণতে কেইবাবাৰো মৃত্যুৰ ভাবুকি দিয়া হৈছিল। বুধবাৰে পুনৰ এই ঘটনা সংঘটিত হয় ফেশ্বনিষ্টগৰাকীৰ সৈতে।
শেহতীয়াকৈ তেওঁ নিজৰ টুইটত এটা ভাবুকি মেইল পোষ্ট কৰে জাভেদে। মেইলত অভিযোগ তোলা হৈছিল– ভাৰতীয় সংস্কৃতি প্ৰদূষিত কৰাৰ বাবে হত্যা কৰা হ’ব। মেইলত কোৱা হৈছিল– সোনকালে গুলী কৰা হ’ব।
ই–মেইলত লগতে লিখিছে, “তেওঁৰ লেতেৰামিৰ পৰিমাণ সদায়ে বৃদ্ধি পাইছে, সেয়ে তেওঁক হত্যা কৰা উচিত।” এই ভাবুকিপূৰ্ণ মেইল পোৱাৰ পিছত উৰ্ফীয়ে লিখিছে, “মোৰ জীৱনৰ দৈনন্দিন পৰিঘটনা।”
অৰ্থাৎ এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে উৰ্ফি জাভেদে। ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰা ফেশ্বনিষ্টগৰাকীৰ অনুৰাগীয়ে তেওঁৰ কাষত থিয় দিছে।