গুৱাহাটীৰ পৰা বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল শ্বিলঙলৈ!
আদবাটতে মৃত্যু যুৱ অধিবক্তা নম্ৰতা বৰা…
বন্ধুৰ সৈতে শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুমুখত পৰে এগৰাকী আইনৰ ছাত্ৰী। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধৱীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্রতা বৰা নামৰ যুৱতীগৰাকী। কিন্তু পুৱতি নিশা ওভতি অহা পথত ৰিভয় জিলাৰ ওচৰত দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাহনখন।
শ্বিলঙৰ পৰা গুৱাহাটীলৈ ওভতাৰ সময়তে ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে প্রাণ হেৰুৱায় বোকাখাতৰ নুমলীগড় ধোদাং গাঁৱৰ নম্রতা বৰা নামৰ ২৫ বছৰীয়া যুৱতীগৰাকীয়ে। উল্লেখ্য যে, বোকাখাতৰ ৰমেন কুমাৰ বৰাৰ কন্যা নম্রতাই শেহতীয়াকৈ গুৱাহাটীৰ পৰা আইনৰ শিক্ষা সমাপ্ত কৰি উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
অচিনাক্ত এখন ট্রাকে পিছফালৰ পৰা খুন্দা মাৰে ফুৰিবলৈ যোৱা দলটোৰ হুন্দাই আলকাজাৰ বাহনখনত। যাৰ ফলত বাহনখন বিস্তৰ ক্ষতি হোৱাৰ লগতে নম্রতা বৰা নামৰ যুৱতীগৰাকী মৃত্যুমুখত পৰে। তেওঁ মূৰত আঘাত পোৱা বাবে মৃত্যুক সাবটে।
আনহাতে বাহনখনত থকা আন ৫ আৰোহীও সামান্যভাৱে আঘাতপ্রাপ্ত হয়। পুৱতি নিশা নংপো আৰক্ষীয়ে অসামৰিক চিকিৎসালয়ত ভর্তি কৰায় দুৰ্ঘটনাত পতিত হোৱা দলটোক।
আনফালে যুৱতীগৰাকীৰ এই মৃত্যুক লৈ সন্দেহ কৰিছে ঘৰৰ পৰিয়ালে। কাৰণ নিশা বাৰ বজাত ৰুক্মিণীগাঁৱৰ ফ্লেটৰ দৰ্জা খুলি নম্রতা ফুৰিবলৈ যোৱা কথাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে। LLB উত্তীর্ণ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত প্রেক্টিচ কৰি আছিল নম্রতাই। পৰিয়ালৰ মতে কেতিয়াও ঘৰত নোকোৱাকৈ ক’লৈও যোৱা নাছিল নম্রতা।
ৰুক্মিণীগাঁৱৰ নীহাৰিকা এপার্টমেণ্টত দুই বান্ধৱীৰ সৈতে ভাৰাত আছিল নম্রতা বৰা। কিন্তু কালি নিশা দুই বান্ধৱী ভাৰাঘৰত নথকাত ফুৰিবলৈ ওলাই যোৱা ঘটনাক বিশ্বাস কৰা নাই পৰিয়ালে। ইতিমধ্যে নুমলীগড়ৰ পৰা নম্ৰতাৰ পৰিয়াল ৰাওনা হৈছে নংপো অসামৰিক চিকিৎসালয়লৈ।
আৰক্ষীয়ে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই যদিও ধাৰাসাৰ বৰষুণৰ বাবে পিছল হৈ থকা পথ আৰু পুৱতি নিশাৰ কম দৃশ্যমানতাৰ বাবেই এই দুর্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ট্রাকখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।