গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা “নিৰ্বাক”ৰ চতুৰ্থ সংখ্যা উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক  আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা “নিৰ্বাক”ৰ চতুৰ্থ সংখ্যা উন্মোচন

মূকাভিনয়ৰ প্ৰচাৰ , প্ৰসাৰৰ উদ্দেশ্যে প্ৰকাশ হোৱা বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় পত্ৰিকা “নিৰ্বাক”ৰ চতুৰ্থ সংস্কৰণটো দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । এই উপলক্ষে ময়ুৰী দত্তই আঁত ধৰা অনুষ্ঠানটোত বাৰ্ষিক পত্ৰিকাখন উন্মোচন কৰে প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা, অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ ছয়নিকা দত্তই । ভাষণ প্ৰসংগত প্ৰবীণ সাংবাদিক প্ৰদীপ বৰুৱা এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে নিৰ্বাকক সমাজৰ অসুয়া অপ্রীতি নিৰ্বাপনত আগভাগ লোৱাৰ লগতে সকলোৰে মাজত হাঁহি বিলাই যাবলৈ আহ্বান জনায় । তেনেদৰে বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে ভাষণ প্ৰসংগত নিৰ্বাক গোষ্ঠীয়ে বিগত সম়য়চোৱাত মুকাভিনয়ৰে পথ সুৰক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সমূহৰ শলাগ লৈ নিৰ্বাকৰ সম্পাদক মৃগাংক ডেকাই মুখেৰে কব নোৱাৰা বহু কথা মূকাভিনয়ৰ জৰিয়তে সজাগতা সৃষ্টি কৰি অহা কথাটোৰ শলাগ লয়। অনুষ্ঠানত অধ্যাপিকা ডঃ ছয়নিকা দত্তই বহুভাষিক পত্ৰিকাখনৰ মানদণ্ড খুব উচ্চ হোৱা বুলি ব্যক্ত কৰি এই প্ৰচেষ্টা চলাই নিবলৈ আহ্বান জনায়। অনুষ্ঠানত নিৰ্বাকৰ সম্পাদক মৃগাংক ডেকাই পত্ৰিকাখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কয় মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই পত্ৰিকাখন ২০২১ চনৰ পৰা প্ৰতি বছৰে প্ৰকাশ কৰি অহা হৈছে । এই পত্ৰিকাখনৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মূকাভিনয়ৰ বিষয়ে জানিব পাৰিব। মূকাভিনয়ৰ গৱেষণাতো এই পত্ৰিকাখন সমল হ’ব। এবাৰৰ পত্ৰখনত স্পেইন , আৰ্জেন্টিনা , টকিঅ’ ,মেস্কিকো , বেংগালুৰু, ৰাজস্থান, দিল্লী আদিৰ মূকাভিনয় শিল্পী সকলৰ লিখনি অসমীয়া , হিন্দী, ইংৰাজী প্ৰকাশ পাইছে।

GTM Desk

Related