গোসাইগাওঁত বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত চোৰাং কাঠ আৰু এখন মটৰ চাইকেল জব্দঃ
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত চৌতাৰা circle কাৰ্য্যালয়ৰ সমীপত যোৱা নিশা কচুগাওঁ বন সংমণ্ডলৰ মূখ্য বিষয়া মতিলাল বসমুতাৰীয়ে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহৎ পৰিমানৰ চোৰাং কাঠৰ লগতে এখন মটৰ চাইকেল জব্দ কৰে। উল্লেখ্য যে দুষ্টচক্ৰৰ দলটোৱে এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়।পৰৱৰ্তী সময়ত জব্দকৃত চোৰাং শালৰ কুণ্ডাখিনি বন বিভাগে কচুগাওঁ বন সংমণ্ডল কাৰ্য্যলয়লৈ লৈ অনাৰ পৰিবৰ্তে বাইকখন গোসাইগাওঁ থানৰ অধীনত ৰাখে বুলি জানিব পৰা গৈছে।