গোৱালপাৰাত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষত তিনিজনৰ মৃত্যু, দুজন আহত

গোৱালপাৰাত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষত তিনিজনৰ মৃত্যু, দুজন আহত

গুৱাহাটীঃ অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত বুধবাৰে পুৱাৰ ভাগত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষ। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনে পিছফালৰ পৰা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত থিতাতে তিনিজন লোক নিহত হয়, আৰু এগৰাকী শিশু আৰু এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা ট্ৰাকখনত পিছফালৰ পৰা গাড়ীখনে খুন্দা মৰাৰ ফলত গাড়ীখন ছিন্নভিন্ন হৈ পৰে আৰু চালকসহ তিনিজন লোকৰ থিতাতে নিহত হয়।

খবৰ অনুসৰি আন দুজন- এগৰাকী মহিলা আৰু এজন শিশু- গুৰুতৰভাৱে আহত হয়। ইপিনে ঘটনা স্থলিত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ লগতে গুৰুতৰভাৱে আহত শিশুক উদ্ধাৰ কৰি তাৎক্ষণিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

নিহত লককেইজন হৈছে ক্ৰমে অনাৰুল ইছলাম, নুৰ ইছলাম, আৰু বিকি বৈশ্য।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি তেওঁলোক গুৱাহাটীৰ পৰা মানকাছাৰলৈ এজন আত্মীয়ৰ শেষকৃত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল ।

GTM Desk

Related