ঘৰত জ্বলে মাত্ৰ দুটা বাল্ব, বিদ্যুতৰ বিল আহিল ৩৭ হাজাৰ টকা

1 min read

শক্তি বিভাগৰ দ্বায়িত্বহীন কাণ্ড৷ চৰকাৰে যোগান ধৰা বিনামূলীয়া বিদ্যুৎ সংযোগ (বিপিএল) গ্ৰাহকক ৩৭ হাজাৰ টকা বিদ্যুৎৰ বিল প্ৰেৰণ কৰাত হতভম্ব হৈ পৰিছে দিন হাজিৰা কৰা এটা পৰিয়াল৷ দিন হাজিৰা কৰি কেনেকৈ পৰিশোধ কৰিব ৩৭ হাজাৰ টকা বিদ্যুতৰ বিল, তাকে লৈ মূৰে–কপালে হাত দিছে ঢেকিয়াজুলিৰ আমতল বঙালি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়াল৷

হৰিচৰণ মাহাতো নামৰ ঢেকিয়াজুলিৰ আমতল বঙালি গাঁৱৰ এই দিন হাজিৰা কৰা লোকজনে ৩৭ হাজাৰ টকাৰ বিদ্যুতৰ বিল লাভ কৰি টোপনি নোহোৱা হৈছে৷ হৰিচৰণ মাহাতোৱে প্ৰকাশ কৰা মতে বিগত কিছুদিন পূৰ্বে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আহি তেওঁৰ পূৰ্বৰ বিদ্যুতৰ মিটাৰটোৰ বিসংগতি হৈছে বুলি সলনি কৰি নতুন মিটাৰ সংযোগ কৰিছিল৷ ইয়াৰ পিছতেই জধে–মধে বিদ্যুতৰ বিল আহি এতিয়া ৩৭ হাজাৰ টকাৰ বিল আহিছে তেওঁলৈ৷

উল্লেখ্যযে, চৰকাৰী আঁচনিৰ দ্বাৰা বিনামূলীয়া বিদ্যুৎ সংযোগ আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ পোৱা হৰিচৰণ মাহাতোৰ পূৰ্বে প্ৰতি মাহে ২০ৰ পৰা ৩০টকাকৈ আহিছিল বিদ্যুতৰ বিল৷ কিন্তু হঠাৎ বৃহৎ পৰিমাণৰ বিল প্ৰেৰণ কৰাত তেওঁ হতভম্ব হৈ পৰিছে৷ এই বিষয়ে তেওঁ শক্তি বিভাগৰ ঢেকিয়াজুলি কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ফল নধৰিল৷

পৰিয়ালটোৰ ঘৰত নাই ফেন, টিভি, মটৰ আদি। কেবল দুটা লাইট ব্যৱহাৰ কৰি কেনেকৈ বৃহৎ পৰিমাণৰ বিল আহিল সেয়াহে লক্ষ্যণীয়৷ কাৰ দ্বায়িত্বহীনতাৰ বাবে এটা দিন হাজিৰা কৰা এটা পৰিয়ালে বিদ্যুতৰ বিলৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ পৰিয়ালক সকাহ দিবলৈ শক্তি বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া এক ডাঙৰ প্ৰশ্ন৷

Source:Asomiya Pratidin

You May Also Like

More From Author