চন্দ্ৰপুৰত জঘন্য কাণ্ড! সহায় বিচাৰি গৈ দলবদ্ধ অপকৰ্মৰ বলি হ’ল কিশোৰী, দুই অভিযুক্তক গ্ৰেপ্তাৰ, এজন পলাতক
মহানগৰীৰ চন্দ্ৰপুৰত দলবদ্ধ বলাৎকাৰৰ ঘটনা। ১৩ বছৰীয়া কিশোৰীক ৪ দিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে। ৰাজপথত সহায় বিচাৰি বলাৎকাৰৰ বলি হ’ব লগা হ’ল এগৰাকী কিশোৰী। ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই বলাৎকাৰীক। ধৃত দুই বলাৎকাৰী হৈছে চন্দ্ৰপুৰৰ গোৱৰ্ধন পশ্চিম মায়ঙৰ দীপাংকৰ ৰয় আৰু নিলু মালো। পলাতক হৈ আছে সঞ্জয় বৰ্মন নামৰ আন এগৰাকী বলাৎকাৰী।
পৰিয়ালৰ অভিযোগ অনুসৰি, যোৱা ১৯ জানুৱাৰীত মৰিগাঁৱৰ জোনবিল মেলালৈ গৈ থকা অৱস্থাতে ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে সহায় বিচাৰিছিল দীপাংকৰ ৰয় নামৰ যুৱক জনক। কিন্তু লম্পট দীপাংকৰে কিশোৰীগৰাকীক মটৰ চাইকেলত উঠাই জোনবিল মেলাত লৈ যোৱাৰ বিপৰীতে আনিছিল নিজ গৃহলৈ। ধৃত লম্পটজনে কিশোৰীগৰাকীক বলাৎকাৰ কৰি আন দুজন লম্পট ক্ৰমে নীলু মালো আৰু সঞ্জয় বৰ্মনক লগত লৈ পশ্চিম মায়ঙৰ ঘন জংঘললৈ গৈ ভাবুকি প্ৰদান কৰি দলবদ্ধ বলাৎকাৰ কৰে কিশোৰীগৰাকীক।
এনেদৰে কেইবা স্থানত ৪ দিন ধৰি তিনি লম্পটে কিশোৰীগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰি গাড়ীত উঠাই মৰিগাঁৱলৈ পঠাই দিয়ে বুলি জানিবলৈ দিয়ে পৰিয়ালে। পিছত কিশোৰীগৰাকীয়ে সমস্ত ঘটনা পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে প্ৰাগজ্যোতিষপুৰ থানত দাখিল কৰে এজাহাৰ। প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দীপাংকৰ ৰয় আৰু নীলু মালোক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত সঞ্জয় বৰ্মনক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।