চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প।
মাত্ৰ ২৯ ছেকেণ্ড। টেকঅফৰ পিছত ঠিক এইখিনি সময়তে ধ্বংস হৈ গ’ল বহুতৰে সপোন, বহুতৰ আশা, বহুতৰ আনন্দ। চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল এগৰাকী যুৱতী আৰু তেওঁৰ পৰিয়ালৰ বহু চেষ্টাৰ ফলত গঢ়ি তোলা ভৱিষ্যতৰ গল্প।
পায়েল খটিক – এগৰাকী ৰিক্সাচালকৰ কন্যা, ৰাজস্থানৰ কন্যা হ’লেও গুজৰাটৰ হিম্মতনগৰতে ডাঙৰ হোৱা। পিতৃৰ নাম সুৰেশভাই খটিক, যিয়ে ৰিক্সা চলাই পোহপাল দিয়ে পৰিয়ালক। সেই সামান্য উপাৰ্জনেৰে কন্যাক পঢ়া-শুনা কৰোৱাই প্ৰতিষ্ঠিত কৰিছিল এগৰাকী সফল যুৱতীলৈ।
পায়েল পঢ়া-শুনাত অত্যন্ত মেধাৱী আছিল। উচ্চ শিক্ষাৰ খৰচৰ বাবে চাকৰি কৰিছিল এটা বেচৰকাৰী সংস্থাত। তাৰ পৰাই সুযোগ আহে লণ্ডনত পঢ়া-শুনাৰ বাবে।
সেই সপোনৰ প্ৰথম ঢাপ আছিল প্ৰথমবাৰ বিমানত উঠা। কিন্তু ভাগ্যৰ নিৰ্মম পৰিহাস – সেই প্ৰথম বিমান যাত্ৰাই হৈ পৰিল জীৱনৰ শেষ যাত্ৰা।
Air Indiaৰ সেই বিভীষিকাময় বিমানখন দুৰ্ঘটনাই পায়েলৰ দৰে আৰু বহু যাত্ৰীৰ সপোন, সংগ্ৰাম, সফলতাৰ আশাক ধূলিসাৎ কৰি পেলালে। ছাইৰ গোন্ধত বিলীন হৈ গ’ল বিলাতৰ সপোন।