চি–ভিজিল এপ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক আহ্বান ব্যয় পর্যবেক্ষকৰ

চি–ভিজিল এপ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক আহ্বান ব্যয় পর্যবেক্ষকৰ

নির্বাচনী আচৰণ বিধি ভংগ সম্পর্কীয় অভিযোগ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰিবলৈ দ্রুতগামী সেৱাৰ চি–ভিজিল এপ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ নির্বাচনী ব্যয় পর্যবেক্ষকে৷ নির্বাচনী ৰাজ্যৰ ভৌগলিক সীমাৰ ভিতৰত ব্যৱহাৰৰ প্রযোজ্য হ’বলগীয়া এই এপটোৰ জৰিয়তে অভিযোগকাৰীয়ে নির্বাচনী আচৰণবিধি ভংগ কৰিব পৰা যিকোনো ফটো অথবা ভিডিঅ’ আপলোড কৰি নির্দিষ্ট সময়ৰ ভিতৰত অভিযোগৰ সমাধান লাভ কৰিবলৈ সক্ষম হ’ব বাবে জনসাধাৰণলৈ এই আহ্বান নির্বাচনী ব্যয় পর্যবেক্ষকৰ৷ উল্লেখ্য যে অভিযোগকাৰীয়ে ইণ্টাৰনেট তথা জিপিএছ সংলগ্ণ পঞ্জীকৃত এনড্রইড ম’বাইল ফোনৰ দ্বাৰা সংগ্রহ কৰা ফটো অথবা ভিডিঅ’ ৫ মিনিটৰ ভিতৰত চি–ভিজিল এপৰ জৰিয়তে জিলা নিয়ন্ত্রণ কক্ষলৈ পঠিয়াব লাগিব৷ নিয়ন্ত্রণ কক্ষই এই ফটো অথবা ভিডিঅ’ পৰৱর্তী ৫ মিনিটৰ ভিতৰত সংশ্লিষ্ট ফ্লায়িং স্কোৱাডলৈ পঠিয়াব৷ ফ্লায়িং স্কোৱাডৰ দলে লগে লগে অভিযোগকাৰীয়ে দিয়া ঠিকনা অনুসৰি ঘটনাস্থলীলৈ ৰাওনা হ’ব আৰু তাৎক্ষণিকভাৱে তাৰ যথোচিত ব্যৱস্থা গ্রহণ কৰি অভিযোগকাৰী তথা জিলা নিয়ন্ত্রণ কক্ষক অৱগত কৰাব৷

নির্বাচন আয়োগে ধার্য কৰি দিয়া অনুসৰি অভিযোগ দাখিলৰ পৰা নিষ্পত্তিলৈ এই সমগ্র প্রক্রিয়াটো ১০০ মিনিটৰ ভিতৰত শেষ কৰিব লাগিব৷ চি–ভিজিল এপ ব্যৱহাৰৰ ফলত অতি কম সময়ৰ ভিতৰত নির্বাচনী আচৰণ বিধি ভংগ সম্পর্কীয় অভিযোগ নিষ্পত্তি কৰাৰ লগতে জনসাধাৰণে যাতে সময় নষ্ট কৰি অভিযোগ দাখিল কৰিবলৈ ৰিটার্নিং বিষয়াৰ কার্যালয়লৈ আহিব নালাগে, তাৰবাবে সকলো শ্রেণীৰ জনসাধাৰণক চি–ভিজিল এপ ব্যৱহাৰ কৰিবলৈ ব্যয় পর্যবেক্ষকে আহ্বান জনাইছে৷
Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.