Advertisement

ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত যুৱতীৰ উৱলি যাব ধৰা মৃতদেহ উদ্ধাৰ , পলাতক ভুৱা স্বামী

ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত যুৱতীৰ উৱলি যাব ধৰা মৃতদেহ উদ্ধাৰ , পলাতক ভুৱা স্বামী

ছয়মাইলত সংঘটিত এক ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। ছয়মাইলস্থিত পূৰ্বাচা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ।
উৱলি যাব ধৰা অৱস্থাত উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী বোকাজানৰ অঞ্জু দৰ্জী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰামতে অঞ্জু দৰ্জীয়ে গুৱাহাটীৰ এখন পাৰ্লাৰত কাম কৰিছিল। উৱলি যোৱা অৱস্থালৈ চাই তেওঁৰ মৃত্যু প্ৰায় ৩-৪দিন পূৰ্বে হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হোৱা হেতু হত্যাকাণ্ড বুলিও সন্দেহ ঘনীভূত হৈছে।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ মণি খান নামৰ এজন যুৱকৰে সৈতে অঞ্জুৱে ফ্লেটটোত ভাড়া লৈ বাস কৰিছিল। ভুৱা নথি দেখুৱাই মণি খানক স্বামী বুলি কৈ প্ৰায় ২বছৰ পূৰ্বে ভাড়া লৈ লৈছিল ফ্লেটটো।
জানিব পৰামতে যোৱা কেইদিনমান ধৰি যুৱতীগৰাকী ফ্লেটলৈ অহা-যোৱা কৰা নাই। এই কথা লক্ষ্য কৰি আৱাসীসকলৰ মাজত সন্দেহ ওপজে আৰু দিশপুৰ থানাক বিষয়টো অৱগত কৰে।

ইয়াৰ পিছতে দিশপুৰ আৰক্ষী পূৰ্বাচা এপাৰ্টমেণ্টৰ নিৰ্দিষ্ট ফ্লেটটোত প্ৰৱেশ কৰি দুৰ্গন্ধ পায়। আৰক্ষীয়ে ফ্লেটটোত প্ৰৱেশ কৰাত যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে প্ৰেৰণ কৰে।

লক্ষ্যণীয় কথা যে, অঞ্জু দৰ্জীৰ সৈতে একেলগে বাস কৰা ভুৱা স্বামী মণি খানে আত্মগোপন কৰিছে। মৃতদেহ উদ্বাৰ হোৱাৰ পিচৰে পৰা মণি খানৰ পোৱা নাই কোনো সন্ধান। ইফালে যুৱতীগৰাকীৰ পৰিয়ালে মণি খানৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰিছে। পৰিয়লৰলোকৰ সন্দেহ ই এক হত্যাকাণ্ড।

Shahnawaz Hamza

Related